ডিমৌ, সংবাদ ৩৬৫, ২৬ আগষ্ট: ৰাজ্য কপাই যোৱা ৰজনী খাৰঘৰীয়া আৰু ৰুবি খাৰঘৰীয়াৰ মৃত্যুৰ বাতৰিয়ে সকলোৰে হৃদয় কপাই তোলাৰ শংকা মাৰ নৌজাওতেই পুনৰ এক জঘন্য ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ ডিমৌত। নিতাই পুখুৰীৰ হাটীখুটি মাউত গাঁৱৰ গুণকান্ত গগৈৰ পাষাণ কনিষ্ঠ পুত্ৰ নন্দ গগৈয়ে সম্পত্তি সংক্ৰান্তীয় বাদ বিবাদৰ পৰিণতিত ১৭ দিন পূৰ্বে নিজ পিতৃক মুখত গামোচাৰে খোপা দি জ্বলাই হত্যা কৰি পুখুৰীত পেলাই দিছিল। পিছত শনিবাৰে উদ্ধাৰ হয় অৰ্ধগলিত মৃতদেহটো ডিমৌৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ নিতাই পুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত দিহিংমুখ মেচেকি চাপৰিত দিহিং নদীৰ দাঁতিত। মূৰ আৰু ভৰিৰ ফালৰ পৰা দুটাকৈ বস্তাৰে আবৃত কৰা মৃতদেহটোৰ মুখত গামোচাৰে সোপা দিয়া আছিল। বহুদিন পুখুৰীত পৰি থকাৰ ফলত মৃতদেহটো চিনাক্ত কৰাটো সম্ভৱ নাছিল। ঘটনাৰ খবৰ পাই নিতাইপুখুৰী আৰক্ষী চকীৰ বিষয়া ব্ৰজেন গোহাঁইৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অশেষ কষ্টৰে দুৰ্গম অঞ্চলৰ পৰা নাৱেৰে মৃতদেহটো দিহিং নদীৰ পাৰলৈ আনি পিচত পৰিয়ালবৰ্গই নিতাইপুখুৰী আৰক্ষী চকীত চিনাক্ত কৰাৰ পিচতহে আচল ঘটনাৰ ৰহস্য ফাদিল কৰে। সম্পত্তিৰ লালসাৰ বাবেই নিজ বৃদ্ধ পিতৃক এনেদৰে নৰৰূপী পিশাস নন্দ গগৈয়ে হত্যা কৰি পেলাই দিছিল। আৰক্ষীয়ে শনিবাৰে নিশা হত্যাকাৰী নন্দ গগৈক থানালৈ লৈ যায়। আনহাতে জেষ্ঠ ভাতৃ চন্দ্ৰ গগৈকো সোধ কৰিবলৈ আৰক্ষীযে আটক কৰি ৰাখিছে।