তেজপুৰ, সংবাদ ৩৬৫, ২৫ আগষ্ট: শিক্ষক, যি এডাল মমবাতিৰ দৰে; যিয়ে নিজে গলি আনক পোহৰ বিলাই একো একোটা মানৱ সম্পদ গঢ় দিয়ে। তেনে এজন মানৱ সম্পদ গঢ়া শিক্ষকৰ কু তথা নিৰ্লজ্জ কৰ্মই কপাই তুলিলে সাংস্কৃতিক নগৰী তেজপুৰ। তেজপুৰৰ ঘোৰামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিষয়ৰ শিক্ষক বকুল বৰাই ২০১৩ চনত দৰিদ্ৰ পৰিয়ালৰ এগৰাকী সম্পৰ্কীয় ভতিজীয়েকৰ সৈতে অবৈধ সম্পৰ্কত লিপ্ত হৈ ভতিজী গৰাকীয়ে অকাল মাতৃত্বৰ বোজা গ্ৰহণ কৰিব লগীয়া হৈছিল। তাৰ পাছত তেজপুৰ আদালতত চলা ৯৮১/১৩ নম্বৰ গোচৰৰ ৪৯৩/৩৬৭/৪১৭/৫০৬ ধাৰা মতে ৰুজু হোৱা গোচৰৰ সুদীৰ্ঘ ৫ বছৰৰ পিছত তেজপুৰ আদালতৰ দাৰাক উল্লাৰ বিচাৰ পীঠে দানৱৰূপী শিক্ষক বকুল বৰাক ১২ বছৰৰ কাৰদণ্ড আৰু ৩ লাখ টকাৰ জৰিমনা বিহে। উল্লেখ্য যে এসময়ত এইট কেন বাদাছৰ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ নামত চৰকাৰী ধনৰ আঁচনি ৰূপায়ণৰ নামত লাখ লাখ টকা আত্মসাত কৰা অভিযোগ আছে।