আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২১ ছেপ্টেম্বৰ

সুদীৰ্ঘ ৬ টা মাহৰ অন্তত অৱশেষত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো খুলিল চৰকাৰী মাধ্যমৰ বিদ্যালয় সমুহ৷ কৰ’ণাৰ পৰিপ্ৰেক্ষিত্বত বন্ধ হৈ থকা বিদ্যালয় সমুহলৈ শিক্ষাথীৰ আগমণ আছিল তেনেই নগন্য। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশৰ ভিত্তিতেই সোমবাৰৰ পৰা নৱম, দশমৰ লগতে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শ্ৰেণী সমুহ শিক্ষাৰ্থীৰ বাবে মুকলি কৰা হৈছে।

কঠোৰ কভিড প্ৰটকলৰ ভিত্তিত কেতবোৰ নতুন স্বাস্থ্য বিভাগৰ নীতি-নিয়মৰ মাজেৰে আৰম্ভ হোৱা শিক্ষানুস্থান সমুহত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি একেবাৰে সেৰেঙা পৰিলক্ষিত হয়। শিৱসাগৰৰ অন্যতম পুৰণি শিক্ষাৰ প্ৰতিস্থান শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীৰ ৭ গৰাকী ছাত্ৰীৰে আৰম্ভ হ’ল শ্ৰেণী৷ বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখতেই থাৰ্মেল স্কেনাৰ, হাত ধোৱা পানী, চেনিটাইজাৰেৰে সম্পুৰ্ণ সুৰক্ষাৰ মাজেৰে আৰম্ভ হোৱা পাঠ দানক লৈ ছাত্ৰী সকলৰ লগতে শিক্ষক সকল উৎসাহিত হ’লেও ভিতৰি অব্যাহত আছে ভয়, শংকা, আৰু আতংক৷ আনহাতে উজনি অসমৰ দ্বিতীয়খন পুৰণি লৰা বিদ্যালয় হিচাবে পৰিচিত শিৱসাগৰ চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথম দিনটোত নৱম শ্ৰেণীৰ কোনো ছাত্ৰ উপস্থিত নাছিল যদিও উচ্চতৰ মাধ্যমিক শাখাৰ ৩৫ গৰাকী শিক্ষাৰ্থী উপস্থিত থাকে৷ অৱশ্যে সুচী অনুসৰি দুপৰীয়া বিৰতীৰ পিছত আৰু কিছু সংখ্যক শিৰ্ক্ষাথীৰ আগমণৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে অৰ্ধক্ষ্য ৰমণ শৰ্মাই ৷ ইফালে চহৰৰ মাজমজিয়াত থকা অন্যতম পুৰণি বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো দেখা গ’ল একেই সেৰেঙা পৰিৱেশ৷ নৱম শ্ৰেণীত মাত্ৰ ৬ গৰাকী শিৰ্ক্ষাথী উপস্থিত থাকে৷ কভিড প্ৰটকল মানি একোখন বেঞ্চত এজনকৈ শিক্ষাৰ্থীক বহিবলৈ দিয়া হয়৷ শিৰ্ক্ষাথীৰ সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বাধীশ মনোনিৱেশ কৰাৰ কথা ব্যক্ত কৰে বিদ্যালয়খনৰ অৰ্ধক্ষা সৰুজ দত্তই৷

উল্লেখ্য যে বিদ্যালয়-মহাবিদ্যালয় খুলিবৰ বাবে শিক্ষা বিভাগে নিৰ্দেশ দিলেও শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত প্ৰথম দিনা উপস্থিত নাথাকিল এগৰাকীও ছাত্ৰী৷ ইয়াৰ বিপৰীতে শিৱসাগৰ মহাবিদ্যালয়ত কলা শাখাত প্ৰায় ৮ গৰাকী আৰু বিজ্ঞান শাখাত ২ গৰাকী শিক্ষাৰ্থী উপস্থিত আছিল৷