ডিফু

২০ ছেপ্টেম্বৰ

কাৰ্বি আংলংত বিগত কিছুদিন ধৰি আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্ৰাগছ জব্দ কৰাৰ পিছত এইবাৰ আৰক্ষীয়ে জব্দ কৰিলে বিলাতী সুৰা। খটখটী আৰক্ষীয়ে দেওবাৰে জব্দকৰিলে ২ লক্ষ্যাধিক টকা মূল্যৰ বিলাতী সুৰা।

দেওবাৰে খটখটী আৰক্ষীয়ে বোকাজানত অসম-নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ অনুসৰি বোকাজানৰ খটখটী আৰক্ষীয়ে ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত এখন জিপচি বাহনৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ বিলাতী সুৰাখিনি। উল্লেখ্য যে, একাংশ অসাধু ব্যৱসায়ীয়ে কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত বিভিন্ন সময়ত চোৰাং ভাৱে বিভিন্ন নিচাজাতীয় সমগ্ৰীৰ লগতে অবৈধ সুৰাৰ সৰবৰাহ চলাই আহিছে। দেওবাৰে ডিমাপুৰ পথত আৰক্ষীৰ নিশ্চিদ্ৰ তালাচীৰ মাজতেই খটখটী আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ সুৰাখিনি। আৰক্ষীয়ে অবৈধভাৱে বিলাতী সুৰা লৈ নাগালেণ্ডলৈ যাত্ৰা কৰা জিপচি বাহনখন জব্দ কৰে যদিও বাহনখনৰ চালক তথা সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয়।

আৰক্ষীৰ সুত্ৰে জানিব পৰা মতে আৰক্ষীয়ে বাহনখনৰ পৰা জব্দ কৰা সৰ্বমুঠ ৩৯ কাৰ্টুন বিলাতী সুৰাৰ মূল্য ২ লক্ষাধিক টকা হ’ব। নাগালেণ্ডত এই ২ লক্ষাধিক টকা মূল্যৰ সুৰাখিনি দুগুনৰ পৰা তিনি গুণ পৰ্যন্ত বৃদ্ধি পায় বুলিই জানিব পৰা গৈছে।