মানকাচৰ 

২৩ এপ্ৰিল

কভিড প্ৰ’টকল মানি মানকাচৰত আৰম্ভ হ’ল ব্যক্তিগতখণ্ডৰ বিদ্যালয়। ৫০ শতাংশ শিক্ষাৰ্থীৰে সপ্তাহত এটা শ্ৰেণীৰ তিনি দিন পাঠদান। ছাত্ৰ-ছাত্ৰী সকল মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখি শিক্ষা গ্ৰহণ কৰাত ব্যস্ত।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয় সমূহ কভিড প্ৰ’টকল মানি ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতিত পাঠদান চলাই থকা পৰিলক্ষিত হৈছে। জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত সাৰ্বজনীন জাতীয় বিদ্যালয়, ৰেইনবো ইংলিছ একাডেমীকে ধৰি জিলাখনৰ প্ৰায় প্ৰতিখন ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত কভিডৰ নীতি নিয়মৰ মাজেৰে পাঠদান চলি আছে। ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ত প্ৰৱেশ কৰাৰ সময়ত প্ৰথমে হেণ্ড চেনিটাইজ কৰি মুখত মাস্ক পৰিধান কৰি শ্ৰেণী কোঠাত প্ৰৱেশ কৰিব লাগে। শ্ৰেণী কোঠাৰ ভিতৰৰ এখন বেঞ্চত দুজনকৈ শিক্ষাৰ্থী মুখত মাস্ক পৰিধান কৰি আৰু সামাজিক দূৰত্ব বজাই ৰাখি শিক্ষক সকলে পাঠদান কৰা পৰিলক্ষিত হয়। তদুপৰি বিদ্যালয়ৰ শিক্ষাৰ্থী সকলক শ্ৰেণী অনুযায়ী দুটা ভাগত বিভক্ত কৰি এটা শ্ৰেণীৰ শিক্ষাৰ্থীক সপ্তাহত তিনি দিন পাঠদান দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিদিনে ব্যক্তিগতখণ্ডৰ বিদ্যালয় সমূহত ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতি থাকে।

ইফালে ৰাজ্যত প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাই আছে কভিড আক্রান্ত লোকৰ সংখ্যা। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত শুকুৰবাৰে পুৱালৈকে মুঠ ১৯ জন লোক কভিডত আক্ৰান্ত হৈ থকাৰ ফলত ব্যক্তিগতখণ্ডৰ বিদ্যালয় সমূহ কভিড প্ৰ’টকল মানি ৫০ শতাংশ শিক্ষাৰ্থীক দৈনিক পাঠদান দিয়া পৰিলক্ষিত হৈছে।