হাটশিঙিমাৰী

২২ এপ্ৰিল

হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। দেগাৰেৰে পিতৃক আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলালে পুত্ৰই। আক্ৰমণকাৰী পুত্ৰক ৰাইজে আটক কৰি গতাই দিলে আৰক্ষীক। পূৰ্বে মাতৃক হত্যাৰ চলাইছিল যুৱকজনে। 

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ছাইফুল ইছলাম নামৰ এজন যুৱকে নিজ পিতৃ জেন্নত আলীক হত্যাৰ চেষ্টা চলাই। যুৱকজনে দেগাৰেৰে আক্ৰমণ কৰি পিতৃক হত্যাৰ চেষ্টা চলায় যদিও ৰাইজৰ হস্তক্ষেপত ৰক্ষা পৰে যুৱকজনৰ পিতৃ জেন্নত আলী। ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা জেন্নত আলীক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। পিতৃক হত্যাৰ চেষ্টা চলোৱা পুত্ৰজনক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে।

জানিব পৰা মতে নিচাজাতীয় সামগ্ৰী সেৱন কৰি পিতৃক দেগাৰেৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাইছিল ছাইফুল ইছলামে। যুৱকজনে প্ৰায় ৬ মাহ পূৰ্বেও মাহীমাকক দেগাৰেৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলাইছিল। মাহীমাকৰ বুকুত দেগাৰেৰে হানি হত্যাৰ চেষ্টা চলাইছিল ছাইফুল ইছলামে। মাহীমাকক হত্যাৰ চেষ্টা চলাই কাৰাগাৰলৈ যাবলগীয়া হৈছিল যুৱকজন।