মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও 

২৫ ছেপ্টেম্বৰ

কভিড-১৯ প্ৰটকল মানি বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী বি পি এফৰ। বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত গোসাইগাঁও মহকুমাধিপতি কার্যলয়ৰ সন্মুখত বিপিএফৰ উত্তাল প্ৰতিবাদ। ৰাজ্যিক নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ প্ৰদান।

কভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বিগত ছমাহ ধৰি স্থগিত হৈ থকা বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত শুকুৰবাৰে গোসাইগাঁৱত বি পি এফ দলে এক ধৰ্ণা কাৰ্যসুচী ৰূপায়ন কৰে। বি পি এফ দলৰ শতাধিক কৰ্মকর্তাই বি টি চি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগলৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰে৷ বিপিএফৰ গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত তথা জিলা সমিতিৰ অন্তৰ্গত দুই নম্বৰ গুমা ব্লক, তিনি নম্বৰ শ্ৰীৰামপুৰ ব্লক, চাৰি নম্বৰ যমদুৱাৰ ব্লক, পাঁচ নম্বৰ শৰাইবিল ব্লক আৰু ছয় নম্বৰ কচুগাঁও ব্লকৰ বিপিএফ সমিতিৰ সহযোগত শতাধিক নেতা-কৰ্মীয়ে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ গোসাইগাঁও মহকুুুুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্না কাৰ্যসুচী ৰূপায়ন  কৰে৷ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত ধৰ্ণা কাৰ্যসুচীত অংশগ্ৰহনকাৰী সকলে উই ৱান্ট ইলেকশ্যন, ন ইলেকশ্যন ন ৰেষ্ট আদি শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে৷

ধৰ্ণা কাৰ্যসূচীৰ অন্তত জিলাা সভাপতি তথা বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যিক নিৰ্বাচন আয়োগলৈ বি টি চিত কভিড-১৯ প্ৰটকল মানি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।