নিউজ ডেস্ক

২৫ ছেপ্টেম্বৰ

কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষি বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। বিধেয়কৰখনক কৃষি বিৰোধী আখ্যা দি আছুৱে ঠায়ে ঠায়ে দাহ কৰিলে বিধেয়কখনৰ প্ৰতিলিপি। আছুৰ সমান্তৰালে অন্যান্য দল-সংগঠনেও বিলখনৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে।

বিজেপি চৰকাৰৰ কৃষি বিধেয়কখনক বিৰোধিতা কৰি দেশৰ কেইবাটাও কৃষক সংগঠনে শুকুৰবাৰে ভাৰত বন্ধৰ আহ্বাহন জনোৱাৰ সমান্তৰালে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে। কৃষি বিধেয়কখনৰ বিৰুদ্ধে ঘোষণা কৰা ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ ৰাজ্যত পৰিলক্ষিত হয় যদিও সদৌ অসম ছাত্ৰ সন্থাই পুৱাৰ ভাগৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধেয়কখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা দেখিবলৈ পোৱা যায়।

নগাঁৱত কৃষি বিধেয়কখনৰ বিৰুদ্ধে আছুৰ নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা-কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি নগাঁও চহৰৰ মাজমজিয়াত ৰাজপথৰ ওপৰত বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰে। নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা-কৰ্মীয়ে সকলো ৰাইজকে এই বিধেয়কখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনোৱাৰ লগতে কেন্দ্ৰৰ বিজেপি চৰকাৰে এই বিধেয়কখন আইনত পৰিণত কৰিলে ব্যপক আন্দোল গঢ়ি তোলাৰ হুংকাৰ দিয়ে। জিলাখনৰ চামগুৰিতো আছু কৰ্মীয়ে বিধেয়কখনৰ বিৰোধিতা কৰি বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰে।

কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ মাজমজিয়াত আছু কৰ্মীয়ে কৃষি বিধেয়কখনক কৃষি বিৰোধী আখ্যা দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বিধেয়কখনৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্ত্তি দাহ কৰে। ডিফু চহৰৰ মাজমজিয়াত আছুৰ প্ৰতিবাদ অধিক উত্তাল হৈ পৰাত আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰী আছু কৰ্মীৰ মাজত টনাআজোঁৰা লাগে।

কামৰূপ জিলাৰ বাইহাটা চাৰিঅলিটো কৃষি বিধেয়কৰ বিৰুদ্ধে কৰৰা কেন্দ্ৰীয় সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীয়ে শ্বহীদ বেদীৰ সন্মুখত কৃষি বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰে। প্ৰতিবাদকাৰী সকলে কৃষি বিৰোধী আইন ২০২০ বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰ হয় হয়, শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত আছুৰ কেইবাগৰাকী নেতা-কর্মী উপস্থিত থাকে।

ইফালে মিৰগাঁও জিলাৰ মৈৰাবাৰীত কৃষক সংগঠনৰ ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনাই কৃষি বিধেয়কখনৰ বিৰুদ্ধে ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই মুছলিম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। মৈৰাবাৰীত ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। অঞ্চলটোৰ সকলো দোকান-পোহৰ সম্পূৰ্ণৰূপে বন্ধ থকা দেখিবলৈ পোৱা যায়। মুছলিম ছাত্ৰ সন্থাই কেন্দ্ৰ চৰকাৰে কৃষি বিধেয়কখন বাতিল নকৰিলে ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

ডিব্ৰুগড়ত কেদ্ৰীয় চৰকাৰৰ কৃষি বিধেয়কখনৰ বিৰুদ্ধে সৰ্বভাৰতীয় কৃষক ধৰ্মঘটক সমৰ্থন জনাই নিখিল ভাৰত কৃষক সংঘ, কৃষক মহাসভা, জীপাল কৃষক শ্ৰমিক সংঘ, সংগ্ৰামী কৃষক শ্ৰমিক সংঘ, অসম মহিলা সংঘ, চিটুকে ধৰি কেইবাটাও সংগঠনে ধৰ্মঘট কার্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰী সকলে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান প্ৰদান কৰি চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে।