কলগাছিয়া, সংবাদ ৩৬৫, ১৬ আগষ্ট: বৰপেটা জিলাৰ কলগাছিযাৰ শাওৰাচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিদ্যালয় খনৰ অধ্যক্ষ মুক্তাৰ আলিক অপদস্ত কৰক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। অধ্যক্ষ মুক্তাৰ আলিৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ আছে। অধ্যক্ষ মুক্তাৰ আলিয়ে পৰিচালনা সমিতিক সঠিক হিচাপ নিকাচ দিব নোৱাৰাৰ বাবেই বুধবাৰে অধ্যক্ষ জনক অপদস্ত কৰিছিল পৰিচালনা সমিতিয়ে। তাৰ প্ৰতিবাদতে বৃহস্পতিবাৰে বিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত বিদ্যালয় পৰিচালনা সমিতিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ সময়ত পৰিচালনা সমিতিৰ সদস্যৰ এজন আত্মীয়ই ছাত্ৰ ছাত্ৰীক আক্ৰমণৰ চেষ্টা চলাই থাকোতে এজনী ছাত্ৰী অচেতন হৈ পৰে। পৰিচালনা সমিতিয়ে অধ্যক্ষৰ ওচৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰে ছাত্ৰ ছাত্ৰীয়ে। ইফালে অধ্যক্ষ মুক্তাৰ আলিৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হয় যে বিভিন্ন দুৰ্নীতিৰ হিচাপ নিকাচ বিচৰাৰ বাবেই মুক্তাৰ আলিয়ে ছাত্ৰ একতাৰ সভাপতি তথা তেওঁৰ নিজৰ ভাগিনৰ জৰিয়তে আন্দোলন কৰাই আছে।