অভয়াপুৰী, সংবাদ ৩৬৫, ১৬ আগষ্ট: পোন্ধৰ বছৰীয়া কংগ্ৰেছ শাসনৰ পিছত বিজেপি চৰকাৰ গঠন হ’ল যদিও ৰাজ্যৰ ৰাস্তা, ঘাট, দলং, মাথাউৰী আদিৰ একো পৰিবৰ্তন নহল। এখন দলঙৰ বাবে দুৰ্ভোগ ভুগিব লগীয়া হৈছে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ জপেয়া বৰইচালাৰ ৰাইজ। বছৰ বছৰ ধৰি এখন টুলুঙা নাৱেৰে বিপদসংকুল ভাবে পাৰাপাৰ হৈ আছে জপেয়া অঞ্চলৰ প্ৰায় ৫০ খন গাঁৱৰ হাজাৰ হাজাৰ লোককে ধৰি কণ কণ ছাত্ৰ ছাত্ৰী। সমষ্টিটোৰ প্ৰাণ কেন্দ্ৰ জপেয়া বৰইচালা পাৰঘাটত এখন দলং নথকাৰ বাবেই বাৰিষাৰ সময়ত যমৰ যাতনা ভোগ কৰি আহিব লগীয়া হৈছে কণ কণ ছাত্ৰ ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজসকল। অঞ্চলটোৰ ৰাইজে ইমানেই দুৰ্ভোগ ভুগিব লগীয়া হৈছে যে ৰোগী তথা প্ৰসুতি সকলক চিকিৎসালয়লৈ নিবৰ বাবে এম্বুলেন্স অহাটো দূৰৰে কথা, এখন চাইকেল বা ঠেলাৰেও পাৰ কৰাব নোৱাৰি। এই ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়ক আব্দুল হাই নাগৰিক তথা জনপ্ৰতিনিধিক পাৰঘাটত এখন দলং নিৰ্মান কৰিবৰ বাবে বাৰম্বাৰ আবেদন কৰি আহিছে যদিও আজিকোপতি কোনো সুফল পোৱা নাই অঞ্চলটোৰ লোকসকলে। নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক নেতা সকলে আহি দলং বনাই দিয়াৰ নামত হাজাৰটা প্ৰতিশ্ৰুতি দি থৈ যায় যদিও নিৰ্বাচনৰ পিছত সকলো পাহৰি প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়ে হৈ থাকে বুলি মন্তব্য কৰে এই অঞ্চলটোৰ ৰাইজে। চৰকাৰ পৰিৱৰ্তন হলেও সাধাৰণ জনতাৰ এনেকুৱা জ্বলন্ত সমস্যাৰ আজিলৈকে একো পৰিবৰ্তন আনিব পৰা নাই বুলিও মন্তব্য কৰে ভুক্তভোগী ৰাইজে। অনতিপলমে জপেয়া বৰইচালাৰ পাৰঘাটত এখন পকী দলং নিৰ্মান কৰি হাজাৰজন লোকৰ যাতায়তৰ সুবিধা কৰি দিবলৈ অসম চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক দাবী জনাইছে জপেয়া অঞ্চলৰ ৰাইজে।