মানকাচৰ, সংবাদ ৩৬৫, ১৬ আগষ্ট: ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা-মানকাচৰ মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত থকা বাউশকাটা সমবায় সমিতি খনত অহা ২০ আগষ্টত হ’বলগা নিৰ্বাচনৰ প্ৰাকক্ষণত ভোটাৰ তালিকাৰ বিসংগতি পোহৰলৈ আহে। বাউশকাটা সমবায় সমিতি খনৰ সম্পাদক-সভাপতিয়ে জালিয়াতিৰে ২০১৩ চনৰ ভোটাৰ তালিকাৰ পৰা চাৰি শতাধিক অংশীদাৰ (ভোটাৰ) ৰ নাম কৰ্তন কৰি নতুনকৈ অবৈধ ভাৱে ভোটাৰ অন্তৰ্ভুক্ত কৰি উক্ত ভোটাৰ সকলৰ আইডি নম্বৰত নতুনকৈ লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াক লৈ ভোটাৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তদুপৰি এইবাৰ নিৰ্বাচনত মুঠ ৫২ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতাত নামিছে। এই ৫২ গৰাকীৰ ভিতৰত পুৰণি ভোটাৰৰ আইডি নম্বৰ ব্যৱহাৰ কৰি নতুন ভোটাৰ কেনেকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ পালে সেই লৈ ৰাইজ ক্ষোভিত হৈ পৰিছে। সমিতি খনৰ সম্পাদক-সভাপতিৰ বিৰুদ্ধে তদন্ত পুৰণি লোকৰ আইডি নম্বৰ দি নিৰ্বাচনত প্ৰতিদ্বন্দিতা নতুনকৈ ৭ গৰাকী ভোটাৰৰ তালিকা নিকা কৰাৰ পিছতহে ভোটৰ ব্যৱস্হা কৰিব লাগে বুলি ৰাইজে দাবী কৰে। অন্যথায় এই ভোট মানি লোৱা নহয় বুলি দাবী কৰে ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা-মানকাচৰৰ ৰাইজে।