কলগাছিয়া, সংবাদ ৩৬৫, ১৩ আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়াত অপৰিবৰ্তিত হৈ আছে বেকী নৈৰ খহনীয়া। জিলাখনৰ কলগাছিয়াৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শওপুৰত সোমবাৰে ৰাতিপুৱাৰে পৰা বেকী নৈৰ খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত চপৰা চপৰে খহাই নিছে ৫ বিঘা মাটি, গছ-গছনি, পকী দেৱাল, গৰা। খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত অঞ্চলটোত অলৈ-আথানিত ভুগিছে ৰাইজ। এই ক্ষেত্ৰত শওপুৰৰ ৰাইজে বাৰম্বাৰ চৰকাৰ, স্থানীয় বিধায়ক আব্দুল খালেক, বৰপেটা জিলা প্ৰশাসনক গৰাখহনীয়া প্ৰতিৰোধৰ দাবী দি আহিছে যদিও অতি পৰিতাপৰ কথা যে বৰ্তমান পৰ্যন্তও ৰাইজক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ কোনো ধৰণৰ বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰা নাই। চৰকাৰৰ ওপৰত ক্ষোভিত হৈ অতি শীঘ্ৰে খহনীয়াৰ প্ৰতিৰোধৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।