দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১২ আগষ্ট: মানকাচাৰ-দক্ষিণ শালমাৰা জিলাৰ ফাঁকিৰগঞ্জ সমষ্টিৰ অন্তৰ্গত সূৰ্য্যমণি গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ বৃদ্ধি পোৱাৰ লগে লগে গড়াখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে। গড়াখহনীয়াৰ ফলত অঞ্চলটোত সাতটাকৈ পৰিয়ালৰ মাটি ভেটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ লগতে কেইবাটাও চৰকাৰী-বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান আৰু পাঁচ শতাধিক পৰিয়ালৰ প্ৰতি চৰম ভাবুকি সৃষ্টি কৰিছে৷ উল্লেখ্য যে সমষ্টিটোৰ জনপ্ৰতিনিধি, চৰকাৰ আৰু প্ৰশাসন এই ভুক্তভুগি পৰিয়াল কেইটাৰ নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱাত নৈপৰীয়া ভুক্তভুগি পৰিয়াল কেইটাৰ মাজত

হাহাকাৰৰ সৃষ্টি হৈছে৷ মানকাচাৰ-দক্ষিণ শালমাৰা জিলাৰ একাংশ অঞ্চলৰ ভিতৰত বিশেষকৈ সূৰ্য্যমণি বজাৰৰ পশ্চিম ফালে সূৰ্য্যমণি গাঁৱত গড়াখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত গাঁওখনৰ ইছলাম উদ্দীন, নওশাদ মণ্ডল, ৰমজান আলি, নসেৰ ফকীৰ, আব্দুল কৰিম, আব্দুৰ ৰসিদ খান আৰু আব্দুৰ ৰহিমৰ ঘৰ ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ ফলত পৰিয়াল কেইটা গৃহহীন হৈ পৰিছে। মাটি ভেটি হেৰুৱাই সৰ্বহাৰা ভুক্তভুগি পৰিয়াল কেইটাৰ মাজত বৰ্তমান হাহাকাৰৰ সৃষ্টি হৈছে। অঞ্চলটোত দিনৰ ভাগত কিছু পৰিমানে গড়াখহনীয়াৰ তাণ্ডৱলীলা কিছু পৰিমানে হ্ৰাস পায় যদিও বিয়লি আৰু নিশাৰ ভাগত গড়াখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰাত বহু কৃষি ভূমি ইতিমধ্যে পানীৰ তলত গৈছে। গাঁওখনৰ ইছাদাৰী হাইস্কুল (বেচৰকাৰী), ১৫১ নং চৰিয়াচৰ এল পি স্কুলকে ধৰি বহু কেইখন চৰকাৰী, বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতি ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই ভাবুকি সৃষ্টি কৰাৰ লগতে গাঁওখনৰ পাঁচ শতাধিক পৰিয়ালৰ মাটি ভেটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাওঁ যাওঁ অৱস্থাত। অঞ্চলটোত যি হাৰে ব্ৰহ্মপুত্ৰ নদীত চাপৰা চপৰে মাটি খহিবলৈ ধৰিছে অনাগত দুই-তিনি দিনৰ ভিতৰত সূৰ্য্যমণি বজাৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বিলীন হৈ যোৱাটো নিশ্চিত৷ স্থানীয় ৰাইজে জিলা প্ৰশাসন আৰু চৰকাৰক বিষয়টো অৱগত কৰি ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাই আহিছে যদিও বৰ্তমানলৈকে প্ৰশাসন আৰু চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে।