কলগাছিয়া, সংবাদ ৩৬৫, ১৩ আগষ্ট: কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত যোৱা শনিবাৰে মৰেল পুলিচৰূপী চিকিৎসক ইউনুচ চেলিমে এহাল যুৱক যুৱতীক অমানৱীয়ভাৱে মাৰপিট কৰি ভিডিঅ ছোচিয়েল মিডিয়াত ভাইৰেল কৰিছিল। তাৰ প্ৰতিবাদ সাব্যস্ত কৰি সোমবাৰে কলগাছিয়াৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ সমাজে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিবেশ উত্তাল কৰি চিকিৎসালয়খন ঘেৰাও কৰে। ছাত্ৰ ছাত্ৰী, যুৱ সমাজে চিকিৎসক গৰাকীক শাস্তিৰ দাবীৰ উপৰিও চিকিৎসালয় খনৰ কোনজন কৰ্মচাৰীয়ে ভিডিঅ কৰি ভাইৰেল কৰিলে তাৰ উচিত তদন্ত কৰি শাস্তিৰ দাবী উত্থাপন কৰে। চিকিৎসালয় খনৰ অধীক্ষক ডাক্তৰ সামচুল আলমে কয় যে চিকিৎসালয়খনত আগৰ পৰাই একাংশ ইউনিফৰ্ম পৰিধান কৰা ছাত্ৰ ছাত্ৰীয়ে অনৈতিক কাৰ্য কৰি আহিছে। কিন্তু প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী যুৱ সমাজে অধীক্ষক গৰাকীক প্ৰশ্ন কৰে যে যদি আগৰ পৰাই চিকিৎসালয়খনত অনৈতিক কাৰ্য সংঘটিত হৈ আছিল তেনেহলে তাৰ বিৰুদ্ধে কিয় তেওঁলোকে বিহীত ব্যৱস্থা লোৱা নাছিল? চিকিৎসক ইউনুচে যুৱক যুৱতী হালক ধৰি কতৃপক্ষক অৱগত নকৰাকৈ কিয় মাৰপিট কৰিলে সেই লৈ অধ্যক্ষ গৰাকীক বহু প্ৰশ্ন কৰিছে। এই ক্ষেত্ৰত চিকিৎসক গৰাকীয়ে ভুল কৰিছে বুলি স্বীকাৰ কৰাত তেওঁৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াত প্ৰতিবাদকাৰী সকলে আন্দোলন স্থগিত ৰাখে। জানিব পৰা মতে দেওবাৰে ৰাইজে চিকিৎসক গৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে। মৰেল পুলিচগিৰী দেখুৱা চিকিৎসক গৰাকীৰ বিৰুদ্ধে চিকিৎসালয় কতৃপক্ষ আৰু প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়েহে কব।