জনীয়া, সংবাদ ৩৬৫, ২৬ ডিচেম্বৰ: বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ নামত ৰূপায়ন হোৱা বল্ডাৰ বান্ধ আঁচনিৰ নামত ভয়ংকৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মজিদভিটাত । বেঁকী নৈৰ খহনীয়াগ্ৰস্থ এলেকাৰ পৰিৱৰ্তে বল্ডাৰ বান্ধ আঁচনি ৰূপায়ন কৰা হয় বেঁকী নৈৰ মৰা সুঁতিৰ পাৰত। কিন্তু উক্ত আঁচনিখনৰ ধন ঠিকাদাৰ, অভিযন্তা আৰু দালালে একত্ৰিত হৈ আত্মসাৎ কৰি খহনীয়াগ্ৰস্থ এলেকাত কাম নকৰি বেকী নৈৰ মৰা সুঁতিৰ পাৰত কাম কৰে। এনে এক ডাঙৰ ষড়যন্ত্ৰ কৰি খহনীয়াগ্ৰস্থ এলেকাৰ ৰাইজক ঠগি ধন আত্মসাৎ কৰাৰ বাবে উক্ত ৰাইজে তেওঁলোকক বাধা দিয়াৰ বাবেই ৰাইজক মাৰপিট কৰে ঠিকাদাৰ আৰু অভিযন্তাৰ দালালে। ইফালে বেঁকী নৈৰ গৰাখহনীয়াত মজিদভিটা গাঁৱত বিগত কেইদিনমানৰ পৰা হৈ থকা খহনীয়াত শতাধিক পৰিয়ালৰ মাটি ভেটি নৈ খনত ইতিমধ্যে জাহ গৈছে। অৱশেষত ৰাইজে উপায়ন্তৰ হৈ নিজাবৱীয়াকৈ চান্দা উঠাই বুধবাৰে বাঁহেৰে বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰে। মজিদভিটাৰ খহনীয়াগ্ৰস্থ ঠাইত অতি সোনকালে বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত সহস্ৰাধিক ৰাইজে বিভিন্ন ধৰণৰ শ্লোগান দি বুধবাৰে বেকী নৈৰ পাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ লগতে চৰকাৰ ও বৰপেটা জিলা প্ৰশাসনে নৈ খনৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থা কৰাৰ লগতে ৫০ লাখটকীয়া আঁচনিখনৰ তদন্ত কৰি খহনীয়াগ্ৰস্থ ঠাইত আঁচনিখনৰ সঠিক ৰূপায়নৰ বাবে দাবী উত্থাপন কৰে।