কলগাছিয়া, সংবাদ ৩৬৫, ১২ আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত নদিয়াপাৰাত দেওবাৰে পুৱা ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত হোৱা মাৰপিটৰ ফলত ৮ জনকৈ লোক আহত হয়। জানিব পৰা মতে আব্দুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে ৩.৫ বিঘা মাটিত যোৱা ৪০ বছৰ ধৰি খেতি কৰি আছিল যদিও কিছুদিন পূৰ্বৰ পৰা আব্দুল নাচেৰ আলী আৰু আয়নাল হক নামৰ আন দুজন ব্যক্তিয়ে মাটিখিনি তেওঁলোকৰ বুলি দাবী কৰি বেদখল কৰিবলৈ চেষ্টা চলাই আছিল আৰু সেই হিচাপে দেওবাৰে মাটিখিনিৰ মীমাংসাৰ বাবে সামাজিক মেল অনুষ্ঠিত হোৱাৰ সময়তে নাচেৰ আলী আৰু আয়নাল হকে আব্দুল ৰহমানৰ পৰিয়ালৰ লোকৰ ওপৰত দলবদ্ধভাৱে দা, কুঠাৰ, ৰড আদিৰে আক্ৰমণ চলাই ৮ জনকৈ লোক আহত কৰে। আক্ৰমণত আহত লোক সকলক স্থানীয় ৰাইজে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও ইয়াৰে ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।