ৰঙিয়া, সংবাদ ৩৬৫, ১২ আগষ্ট: পুৱাই পুৱাই ৰনচণ্ডী মূৰ্তি ধৰিলে এজাক মহিলাই। ঘৰৰ সকলো কাম বন এৰি হাতে হাতে দা কুঠাৰ লৈ ৰঙীয়াত এজাক মহিলাৰ উত্তাল প্ৰতিবাদ। কিন্তু কিয় আৰু কাৰ বাবে এই ক্ষুব্ধ মহিলা সকলৰ এই ৰূপ? জলকসম্পদ বিভাগৰ বিৰুদ্ধে এই মহিলা সকল ওলাই আহে হাবি জংঘল চাফ চিকুণ কৰাৰ উদ্দেশ্যে। ৰঙিয়াৰ ঢোলকুচি গাঁৱৰ অৰ্ধ শতাধিক ৰাইজৰ বাবে যাতায়তৰ একমাত্ৰ মাধ্যম হৈছে এটা মথাউৰী। কিন্তু এই মথাউৰীটোৰে এতিয়া আৰু যাতায়ত কৰিব পৰা অৱস্থা নাই। দীৰ্ঘদিন ধৰি মথাউৰীৰ দুয়োকাষে ঘন হাবি জংঘলে আৱৰি যাতায়তৰ বাবে দুৰ্ভোগ ভুগিব লগীয়া হৈছে ঢোলকুচি অঞ্চলৰ ৰাইজে। আনকি এনে ভয়ানক জংঘলৰ বাবে মাজে সময়ে কোনো দুস্কৃতিকাৰীয়ে নাৰীৰ শ্লীলতাও হানি কৰি আহিছে। ছাত্ৰ ছাত্ৰী সকলেও ভয় আৰু শংকাৰে যাতায়ত কৰিবলৈ বাধ্য হৈ আহিছে। কিন্তু কান সাৰ নাই জলসম্পদ বিভাগৰ। কেতিয়া তেওঁলোকৰ দায়িত্ব পালন কৰিব। তাৰ প্ৰতিবাদতে উক্ত অঞ্চলৰ মহিলা সকলে জলসম্পদ বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।