গুৱাহাটী, সংবাদ ৩৬৫, ১২ আগষ্ট: গুৱাহাটীৰ নুনমাটিৰ চেক্টৰ-২ৰ পৰা দেওবাৰে আজাদ জাকাৰীয়া নামৰ এজন সাংবাদিকক আৰক্ষীয়ে আটক কৰে। মঙলদৈৰ বাসিন্দা আৰু গুৱাহাটীৰ এখন দৈনিক বাতৰি কাকতত কৰ্মৰত আজাদ জাকাৰীয়াই নুনমাটিৰ চেক্টৰ-২ৰ নিবাসী এজন আৰক্ষীৰ পত্নীৰ লগত চিনাকি হৈ প্ৰেমৰ সম্পর্ক গঢ়ি কিছুমান নিবিড় মুহুৰ্তৰ ফটো মোবাইলত বন্দী কৰি ৰাখে। শনিবাৰে সন্ধিয়া নষ্ট চৰিত্ৰৰ সাংবাদিক আজাদে আৰক্ষী বিষয়া জন নথকা অৱস্থাত আৰক্ষী বিষয়া জনৰ ঘৰলৈ আহি বিষয়া জনৰ পত্নীক চাৰি লাখ টকা দাবী কৰে, অন্যথা আৰক্ষী বিষয়া জনৰ পত্নীৰ ফটো ফেচবুকত আপলোড কৰাৰ ভাবুকি দিয়ে। লম্পট সাংবাদিক জনে আৰক্ষী বিষয়া গৰাকীৰ পত্নীক ঘৰত কোনো নথকাৰ সুযোগ লৈ সাৱটি ধৰি বলাৎকাৰৰ চেষ্টা কৰোতে মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ উপস্থিত হৈ সাংবাদিক জনক কৰায়ত্ব কৰি উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৫৫/৩৮৪/৩৮৮/৫০৬ নং ধাৰাৰ অধীনত থানাত ৪৭৩/১৮ নম্বৰত এক গোচৰ ৰুজু কৰি লম্পট সাংবাদিক জনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।