চিৰাঙ, সংবাদ ৩৬৫, ১৩ আগষ্ট: ৰাজ্যৰ শিক্ষা বিভাগত চৰম অৰাজকতাই বিৰাজ কৰিছে। চিৰাঙ জিলাৰ বড়োবাজাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিষডোবা উত্তৰপাৰা প্ৰাথমিক বিদ্যালয় খনৰ প্ৰাংগণত সোমবাৰে এবিএমছু আৰু অধ্যয়নৰত ছাত্ৰ ছাত্ৰীয়ে অসম চৰকাৰ মূৰ্দাবাদ, শিক্ষা মন্ত্ৰী মূৰ্দাবাদ, আমাক শিক্ষক লাগে, নো শ্বলোচন নো ৰেষ্ট আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত বিদ্যালয় খনত প্ৰায় ৩ মাহ ধৰি এজনো শিক্ষক নথকাত ২২৭ জন কণ কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনলৈ অন্ধকাৰ নামি আহিছে। লগতে বিগত ৩ মাহে বন্ধ হৈ আছে মধ্যাহ্ন ভোজনো। বিদ্যালয় খনৰ একমাত্ৰ শিক্ষক তথা প্ৰধান শিক্ষকৰ দায়িত্বত কৰ্মৰত জাহান উদ্দীন নামৰ শিক্ষক জনে ৩ মাহ পূৰ্বে ছুটী লোৱাৰ পিছত সম্পূৰ্ণৰূপে বন্ধ হৈছে পাঠদান। এই ছাত্ৰ ছাত্ৰী সকলৰ কথা চিন্তা কৰি গাঁৱৰে দুজনমান ডেকা গাভৰুৰ লগতে মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে মাজে সময়ে পাঠদান কৰি আহিছে। বিদ্যালয় পৰিচালনা সমিতিয়ে যোৱা ছয়মহিলী পৰীক্ষা অনুষ্ঠিত কৰিছিল। বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয় খনত মাত্ৰ এজন শিক্ষক নিযুক্তি দিবলৈ বাৰম্বাৰ বড়োবাজাৰ শিক্ষা খণ্ড বিষয়া আৰু চিৰাঙ জিলা শিক্ষা বিষযাৰ লগত যোগাযোগ কৰি আহিছে যদিও আজিলৈকে কোনোধৰণৰ সহাৰি পোৱা নাই সমিতিয়ে।ইফালে নিয়ম বহিৰ্ভূত ভাবে একমাত্ৰ শিক্ষক জনক বড়ো বাজাৰ প্ৰাথমিক শিক্ষা বিষয়াই তিনিমাহ ধৰি ছুটি মঞ্জুৰ কৰা ঘটনাত ক্ষুন্ন হৈ পৰিছে সমিতিৰ লগতে ছাত্ৰ সংগঠন এবিএমছু। ইয়াকে লৈ এবিএমছু আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে সোমবাৰে বিদ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰি দাবী উত্থাপন কৰে যে অতি সোনকালে শিক্ষক নিযুক্তি লাগে অন্যথায় তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।