কলগাছিয়াৰ পৰা স্বফিকুল হাচান, সংবাদ ৩৬৫, ২২ জুলাইঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ কলগাছিয়া-বামুনটাৰী সংযোগী আদিতপুৰ গড়কাপ্তানী পথ সমূহৰ সমান্তৰালকৈ এই পথ সমূহৰ সংযোগী পথৰ লগতে বিভিন্ন উপপথ সমূহো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাত আদিতপুৰ গাঁওৰ ৰয়েল ছচিয়েল ডেভেলপমেণ্ট ছোচাইটিৰ উদ্যোগত এই পথখন মেৰামতিৰ কাম চলি আছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও দুবাৰকৈ ৰয়েল ছচিয়েল ডেভেলপমেণ্ট ছোচাইটি (এন জি ও) টোৰ উদ্যোগত পথখন মেৰামতি কৰা হৈছিল। জৰাজীৰ্ণ পথটো চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ বা স্থানীয় জনপ্ৰতিনিধি সকলৰ অৱহেলাৰ বাবে ৰাইজে যমৰ যাতনা ভোগ কৰিব লগীয়া হৈছে। উপায়ন্তৰ হৈ ৰয়েল ছচিয়েল ডেভেলপমেণ্ট ছোচাইটি (এন জি ও) টোই নিজাৱবিয়াকৈ পথটো মেৰামতি কৰিব লগীয়া হৈছে। চৰকাৰ, জিলা প্ৰশাসন, স্থানীয় বিধায়ক আব্দুল খালেকৰ অৱহেলাৰ বাবেই দীৰ্ঘদীন ধৰি ৰাইজে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে বুলি অভিযোগ উত্থাপিত হয়। অনতিপলমে এই পথটো মেৰামতি কৰাৰ বাবে চৰকাৰ, বৰপেটা জিলা প্ৰশাসন, স্থানীয় বিধায়ক আব্দুল খালেকৰ ওচৰত দাবী জনাইছে এন জি ও টোৰ কৰ্মী সকলে।