শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ২২ জুলাইঃ শাওঁনৰ পথাৰত এতিয়া কৃষকৰ ব্যস্ততা। কৃষকৰ সপোনৰ পথাৰখনত নামিছে ৰোৱনী। কৃষকসকলে বছৰটোৰ সপোন দেখা পথাৰখনত এতিয়া ব্যস্ততাই ব্যস্ততা। শিৱসাগৰ জিলাৰ হাঁ‌হচৰা লাটুম গাঁ‌ৱৰ খেতি পথাৰত প্ৰখৰ ৰদক নেওচি ৰঞ্জিত দত্তৰ ঘৰত ৩বিঘা মাটিত কেইবা গৰাকী ৰোৱনীয়ে মিলিজুলি পৰম্পৰাগতভাৱে নকঠিয়া ৰোৱা দেখিবলৈ পোৱা গ’ল। তাৰ মাজতে সকলোৰে ব্যস্ততা দেখিবলৈ পোৱা গ’ল, কোনোৱে ৰোৱনী সকলৰ বাবে খেতি পথাৰলৈ চাহ-জলপান নিয়া, কোনোৱে গৰুৱে মৈ টনা সলনি মৈ দিছে আকৌ কোনোৱে কান্ধত কঢ়িয়াই নিছে নকঠিয়া। মুঠৰ ওপৰত এতিয়া শাওঁনৰ পথাৰত ব্যস্ততাই ব্যস্ততা। এইদৰে শাওণ মাহত অসমৰ বিভিন্ন গাঁ‌ৱে-ভূঞে এতিয়া গঞা কৃষক সকল ব্যস্ত হৈ পৰিছে খেতি মাটি ডৰা ভালদৰে চহাই নকঠিয়া ৰোৱা নাইবা পৰম্পৰা অনুসৰি নভুঁ‌ই পালন কৰাত।