কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৭ জুলাইঃ বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৯২৯ নং আমগুৰি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মক লৈ আৰম্ভ হৈছে ব্যাপক খেলি-মেলি ও দুৰ্নীতি। সময়সীমা উকলি যোৱাৰ ৪ মাহ পিছত ইউনিফৰ্ম লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়খনৰ ফালৰ পৰা দুটা ৰঙৰ অতিকৈ নিম্ন মানৰ পলিষ্টাৰৰ কাপোৰ প্ৰদান কৰাত ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক আৰু স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, চৰকাৰে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ বাবদ বিদ্যালয় কৰ্তৃপক্ষক ৪০০ টকাকৈ আবণ্টন দিয়ে যদিও আমগুৰি প্ৰাথমিক বিদ্যালয়খনে এই ধনত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। এই ক্ষেত্ৰত বিদ্যালয়খনত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱকৰ লগতে ৰাইজে দাবী উত্থাপন কৰিছে।