বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ৭ জুলাইঃ বুৰৈ নৈৰ খহনীয়াত বিহালী সমষ্টিৰ আৰু গহপুৰ সমষ্টিৰ ১৫ টাকৈ পৰিয়ালৰ বাস গৃহ জাহ গৈছে। বিগত বৰ্ষৰ দৰে এইবাৰো তীব্ৰ খহনীয়াই বহু লোকৰ যথেষ্ট ক্ষতি কৰে। বিগত ৪ বছৰ ধৰি এই অঞ্চলটোৰ লগতে নদী খনৰ পূব পশ্চিম দুইটা দিশত ধাৰাবাহিকভাৱে গৰাখহনীয়া হোৱা পিচতো সমষ্টিৰ দুই বিধায়ক তথা মন্ত্ৰীৰ লগতে জিলা প্ৰশাসনৰ কাণ সাৰ নাই। প্ৰতিবছৰে ৰাইজে খহনীয়া প্ৰতিৰোধৰ দাবী জনাই আহিছে যদিও আজি পৰ্য্যন্ত দাবী সমূহ পূৰণ নহ’ল, মাথোঁ দাবী হৈয়ে থাকিল। শনিবাৰে খহনীয়াৰ প্ৰতিৰোধ আৰু ক্ষতি পূৰণৰ দাবীত স্থানীয় ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অসম চৰকাৰ হায় হায়! গহপুৰ বিধায়ক উৎপল বৰা মুৰ্দাবাদ, সাংসদ আৰ পি শৰ্মা মুৰ্দাবাদ অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী হায় হায়, জলসম্পদ মন্ত্ৰী হায় হায় আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় ২ ঘন্টা ধৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ পিছত প্ৰতিবাদস্থলীত আহি উপস্থিত হয় গহপুৰ মহকুমাধিপতি ইন্দ্ৰানসী দাস, দণ্ডাধীশ বিমান দাস, মহকুমা আৰক্ষী বিষয়া তিলক দাস উপস্থিত হৈ প্ৰতিবাদী ৰাইজৰ লগত মত বিনিময় কৰাত হে পৰিস্থিতি নিয়ন্ত্ৰণ আৰু প্ৰতিবাদী ৰাইজে তেওঁলোকক দাবী সমুহ স্মাৰক পত্ৰ জৰিয়তে প্ৰদান কৰা পিচত হে উঠাই লয়। প্ৰায় দুঘণ্টা ধৰি যাত্ৰী সকলৰ মাজত ভোক পিয়াহৰ অসহনীয় অৱস্থা পৰিলক্ষিত হয় যদিও প্ৰশাসনৰ তৎপৰত ৰাষ্ট্ৰীয় ঘাই পথ মুকলি কৰি দিয়ে।