কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৭ জুলাইঃ ৰাজ্যত দৈনিক সংঘটিত হৈ আহিছে অপৰাধমূলক ঘটনা। দিন ডকাইটি, চুৰিকাৰ্য, হত্যা, ধৰ্ষণৰ ধৰে ঘটনা প্ৰতিদিনে সংঘটিত হৈ আছে ৰাজ্যত। বৰপেটা জিলাৰ কলগাছিয়াৰ বালাগাঁৱত এইবাৰ এজন সৈনিক বিষয়াৰ লক্ষাধিক টকা লুটিবলৈ আহি ধৰা পৰিল বিহাৰৰ এজন যুৱক। বালাগাঁও অঞ্চলৰ ছাইফুল বাদশাহ নামৰ দিল্লীৰ মেৰাটত কৰ্মৰত এজন ভাৰতীয় সৈনিক বিষয়াই শনিবাৰে ছোৱালীৰ কলেজৰ মাচুল আদায় দিয়াৰ বাবদ বেংকৰ পৰা ১ লাখ ২৫ হাজাৰ টকা উলিয়াই আনি বাইকৰ বক্সত টকাখিনি থৈ দোকানত পানীৰ বটল কিনি থকাৰ মূহূৰ্ততে অচিনাকি যুৱক এজনে বাইকৰ বক্স ভাঙি টকাখিনি লৈ পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও সৈনিক বিষয়াজনে যুৱকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। পূৰ্বৰে পৰা সেনা বিষয়াজনক লক্ষ্য কৰি থকা যুৱকজনে বেংকৰ পৰা টকা উলিয়াই অনাৰ পিছত সেনা বিষয়াজনৰ শৰীৰত খুজোঁৱা পাউদাৰ চটিয়াই ধন লুটি কৰাৰ পৰিকল্পনা আছিল কিন্তু সেনা বিষয়াজনক বাইকত টকা থৈ আঁতৰি যোৱা দেখি চোৰজনে বাইকৰ বক্স ভাঙি টকা লুটি কৰিবলৈ গৈ ধৰা পৰে। ৰাইজে ধৃত যুৱকজনক উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে। ধৃত যুৱকজন বিহাৰৰ কিশানগঞ্জৰ চৌৰাপট্টীৰ বুলি জানিব পৰা গৈছে।