মিৰ্জা, সংবাদ ৩৬৫, ২৬ নৱেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত জ্বলি আছে প্ৰতিবাদৰ জুই। সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে দক্ষিণ কামৰূপৰ মিৰ্জাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে নিবনুৱা পৰিষদ কামৰূপ জিলা সমিতিয়ে । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অতিশীঘ্ৰে বিধেয়কখন বাতিলৰ দাবী জনাই । লগতে অসম চৰকাৰ হায় হায়,নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক,জাতীয় নায়ক সৰ্বানন্দ সণোৱাল হায় হায় আদি শ্লোগানেৰে উত্তাল কৰি তোলে মিৰ্জাৰ ৰাজপথ ।