কলগাছিয়া, সংবাদ ৩৬৫, ৩০ নৱেম্বৰ: কলগাছিয়াৰ কাউৰঝাহী মোৱামাৰীত বেকী নৈৰ ব্যাপকখহনীয়াই কালৰূপ ধাৰণ কৰি চপৰা চপৰে খহাই এফালৰ পৰা খহাই নিছে কৃষিভূমি। এই গৰাখহনীয়াৰ আতংকত কম্পমান কাউৰঝাহীৰ ৰাইজ। কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰঝাহীত এতিয়া ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বেকী নৈৰ খহনীয়াই। বিগত ৩-৪ বছৰৰ পৰা আৰম্ভ হোৱা বেকী নৈৰ এই গৰাখহনীয়াত ইতিমধ্যে জাহ গৈছে কাউৰঝাহী গাঁও। বৰ্তমান যি অংশ বাকী আছে সেইখিনিও বেকী নৈৰ খহনীয়াত জাহ যাবলৈ আৰম্ভ কৰিছে। কিন্তু চৰকাৰ, বৰপেটা জিলা প্ৰশাসন বা স্থানীয় বিধায়ক আব্দুল খালেকে বেকী নৈৰ এই ব্যাপক খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰিছে ৰাইজে। কিছুদিন পূৰ্বে কাউৰঝাহীত এম জি এনৰেগাৰ অধীনত ১০ লাখ টকা ব্যায় সাপেক্ষে বাঁহেৰে খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছিল যদিও ঠিকাদাৰ, কনিষ্ঠ অভিযন্তা ৰমজান আলীয়ে নামমাত্ৰ কাম কৰি সমূদায় টকা আত্মসাত কৰাৰ অভিযোগ তোলাৰ লগতে বাঁহৰে খহনীয়া প্ৰতিৰোধ কৰাৰ পিছৰে পৰা অধিক ৰুদ্ৰমূৰ্তি ধাৰণ কৰা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। অতি সোনকালে এই খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধান কৰাৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।