নাৰায়ণপুৰ, সংবাদ ৩৬৫, ৩০ নৱেম্বৰ: অসমত বিজেপি দলক উৎখাত কৰাৰ আহ্বান নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক ভুপেন কুমাৰ বৰাৰ । বিগত আঢ়ৈ বছৰে অসমৰ ৰাইজক জলা-কলা দেখুওৱা এই প্ৰলোভনকাৰী বিজেপি চৰকাৰক বিদায় দিবৰ বাবে সমাগত পঞ্চায়ত নিৰ্বাচনতে ৰাইজে ইংগিত দিব লাগে বুলি যোৱা ২৯ ডিচেম্বৰত বৰদেউৰী এক নিৰ্বাচনী সভাত প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাই ৰাইজক আহ্বান জনায়। বৰ্তমান অসমৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আন ঠাই সমূহৰ লগতে বিহপুৰীয়া সমষ্টিটো শাসক- বিৰোধী দল সমূহৰ প্ৰচাৰ তুংগত হৈ পৰা সময়ত ২৯ ডিচেম্বৰত নাৰায়ণপুৰ বৰদেউৰী ৰংগমঞ্চত আয়োজন কৰা এক কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভাই অগপ আৰু বিজেপি দলত ধুমুহাৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে নাৰায়নপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী দিগন্ত বৰা ,সভানেত্ৰী পদৰ প্ৰাৰ্থী বিজয়া দেউৰী, আঞ্চলিক পঞ্চায়ত পদৰ নিৰ্বাচন দলৰ লগতে দহ গৰাকীকৈ ৱাৰ্ড সদস্যৰ বাবে বৃহৎ বাইক ৰেলীৰে চলোৱা প্ৰচাৰত ৰাইজৰ সহাৰি দেখা পায় প্ৰাক্তন বিধায়ক ভুপেন কুমাৰ বৰাই এইবাৰ আকৌ কংগ্ৰেছ দলৰ পক্ষত ৰাইজ ওলাই আহিছে এই ক্ষেত্ৰত বিজেপি অগপ দলৰ যে পৰাজয় নিশ্চিত সেয়া তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয়।