মিৰ্জা, সংবাদ ৩৬৫, ২৩ ডিচেম্বৰ: অসমৰ বিভিন্ন প্ৰান্তৰ এক ভিতৰুৱা গাঁৱত প্ৰায় ১৩ বছৰে বিনামূলীয়া সেৱা আগবঢ়াই আহিছে এজন অসমীয়া লোকে। সাধাৰনতে চিকিৎসক-নাৰ্ছে নোযোৱা অঞ্চলত গৈ নিজাববীয়াকৈ বিনামুলীয়াকৈ সেৱা আগবঢ়ায় অসমীয়া লোকজনে। দেওবাৰে লোকজন পুৱাই আহি উপস্থিত হ’ল অসম-মেঘালয় সীমান্তৰ চানডুবিৰ সমীপৰ বাৰেগাও নামৰ এখন অতি ভিতৰুৱা গাৱত। গাওখনত চিকিৎসা সেৱা আগবঢ়ালে বহু শিশুক লগতে বিনামুলীয়াকৈয়ে বিতৰন কৰিলে ঔষধো। সুদুৰ ডুবাইৰ পৰা আহি অসমত বিনামুলীয়াকে চিকিৎসা সেৱা প্ৰদান অসমীয়া লোকজনৰ। নিজা প্ৰচেষ্টাত অসমৰ বিভিন্ন ঠাইত বিনামুলীয়াকৈ লৰা-ছোৱালীক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে বিনামুলীয়াকৈ যোগান ধৰিছে ঔষধৰো । এই মহান ব্যক্তি জনৰ নাম হৈছে উৎপল কটকী । লোকজনে অসম মেডিকেল কলেজৰ পৰা উত্তীৰ্ন হৈ ১ বছৰ অসমতে কাম কৰি তেওঁ ৰাওনা হৈছিল সুদুৰ ডুবাইলৈ । আৰু ডুবাইতে এজন চৰকাৰী চিকিৎসক ৰূপে প্ৰায় ৪০ বছৰ কৰ্মৰত আছিল অসমৰে এইজন উৎপল বৰকটকী নামৰ লোকজনে । ৪০ বছৰে ডুবাইত কাম কৰাৰ পিছত ডুবাইৰ কৰ্মৰ পৰা অৱসৰ গ্ৰহন কৰে এইজন চিকিৎসকে । বৰ্তমানেও এখন বিদ্যালয়ৰ চিকিৎসকৰূপে কৰ্মৰত এইলোকজনে ডিচেম্বৰ মাহত বন্ধত এনেদৰে ওলাই যায় অসমৰ বিভিন্ন প্ৰান্তলৈ।দৈনিক প্ৰায় ৬০-৭০ জন শিশুক এনেদৰে সেৱা আগবঢ়াই লোকজনে । লোকজনৰ এই প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে ।