কলগাছিয়া, সংবাদ ৩৬৫, ২০ নৱেম্বৰ: পৰিবৰ্তনকামী চৰকাৰখনে উন্নয়নৰ নামত হাজাৰটা শ্লোগান গাই জনসাধাৰণক উন্নয়নৰ নামত ফোঁপোলাস্বৰূপ যে দেখুৱালে তাৰ নুমনা দেখা পোৱা গ’ল জনতাত। বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত জনতাৰ মজিদভিটাত মঙ্গলবাৰে জনতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিদ্যুৎ মন্ত্ৰী তপন গগৈৰ প্ৰতিকৃতি দাহ কৰে। দুবছৰ পূৰ্বে জনতাৰ পৰা মজিদভিটালৈ বিদ্যুতৰ খুটি পোতা হৈছে যদিও বিদ্যুৎ বিভাগে আজিলৈকে বিদ্যুৎ পৰিবাহী তাৰ সংযোগ নকৰিলে। যাৰ বাবে মঙ্গলবাৰে জনতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অতি সোনকালে বিদ্যুৎ সংযোগৰ দাবীত মন্ত্ৰী তপন গগৈৰ প্ৰতিকৃতি দাহ কৰে। ইফালে অতি সোনকলে যদি বিদ্যুৎ সংযোগ কৰা নহয় তেন্তে ইয়াতকৈ ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হব বুলি ভাবুকি প্ৰদান কৰে।