মিৰ্জা, সংবাদ ৩৬৫, ২০ নৱেম্বৰ: মিৰ্জা শান্তিৰপুৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙ্গলবাৰে এক পথ ভয়ানক পথ দূৰ্ঘটনা সংঘটিত হয়। এ এছ-০১ চিচি-২৬৫৫ আৰু এ এছ-০১ চিচি-১৩১৭ নম্বৰৰ তীব্ৰবেগী দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হৈ ভয়ংকৰ দুৰ্ঘটনাট সংঘটিত। ফলত দুয়োখন ট্ৰাকৰে ৮ জনকৈ লোক আহত হয় । ইয়াৰে ২ জন লোক গুৰুতৰ ভাৱে আহত হোৱাত ততাতৈয়াকৈ গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আৰু বাকী ৬ জনক মিৰ্জা প্ৰাথমিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় । আনহাতে দুৰ্ঘটনাটো সংঘটিত হোৱা পথৰ দুয়োকাষে তীব্ৰ যান-যতৰ সৃষ্টি হয় ।