তেজপুৰ, সংবাদ ৩৬৫, ৭ জুলাইঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘ হত্যাৰ লগত জড়িত চাৰি চোৰাং চিকাৰীয়ে শনিবাৰে বন বিভাগৰ ওচৰত আত্মসমৰ্পন কৰে। আত্মসমৰ্পনৰ পিছতেই চাৰিও গৰাকী চোৰাং চিকাৰীক বিয়লি তেজপুৰ আদালতত হাজিৰ কৰোৱা হয়৷ উল্লেখ্য যে, ২০১৭ চনৰ ২০ নবেম্বৰ তাৰিখে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী প্ৰৱেশ কৰি বিহ দি এটা নাহৰফুটুকী বাঘ নিধন কৰিছিল৷ নাহৰফুটুকী বাঘটোক হত্যা কৰাৰ পিছত চোৰাং চিকাৰীৰ দলেটোৱে বাঘটোৰ অংগ-প্ৰতংগ বিক্ৰীৰ যো-জা চলাই থাকোতে উদ্যানখনত বাঘ হত্যা সন্দৰ্ভত বন বিভাগে অভিযানত চলাই যোৱা ১৮ জুনত বাঘৰ অংগ-প্ৰতংগসহ দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। বাঘ হত্যাৰ লগত জড়িত থকা দুজন চিকাৰী ধৰা পৰাৰ পিছত শনিবাৰে ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ফটাশিমলুৰ চাৰি চোৰাং চিকাৰী ক্ৰমে জিয়াবুৰ ৰহমান, আইজুল ইছলাম, কাছেম আলি আৰু ৰুপুল আলিয়ে বন বিভাগৰ ওচৰত আত্মসমৰ্পন কৰে। বন বিভগৰ ওচৰত আত্মসমৰ্পন কৰাৰ পিছতেই এই চাৰি চোৰাং চিকাৰীক তেজপুৰস্থিত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়৷