কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১৬ জানুৱাৰীঃ  কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১৬ জানুৱাৰী: বৰপেটা জিলাৰ কলগাছিয়াৰ বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত বালিকুৰি আৰু কাদংত মাঘ বিহুৰ সমান্তৰালকৈ পতা পুষুৰা উৎসৱত যোৱা দুদিন ধৰি বিভিন্ন অসমাজিক কার্যকলাপ সংঘটিত হোৱাত সচেতন ৰাইজৰ চকু কপালত উঠিছে। পুষুৰা উৎসৱৰ নামত পৰিচালনা সমিতিয়ে যোৱা দুদিন ধৰি চলাই আছে ব্যাপক জুৱা আৰু নগ্ন নৃত্য। কলগাছিয়াৰ বালিকুৰি আৰক্ষী চকীৰ সন্মুখত পুষুৰা উৎসৱত চলি থকা চিত্ৰহাৰ নামৰ নৃত্য প্ৰদৰ্শনীত ব্যপক হাৰত যৌনতাৰ পয়োভৰ দেখা গৈছে যাৰ ফলত এই নগ্নতা আৰু উদ্দাম নৃত্য প্ৰদৰ্শনীত স্কুলীয়া ছাত্র ছাত্ৰীৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰি পুষুৰা উৎসৱৰ নামত ব্যাপক জুৱা খেলো অনুষ্ঠিত হৈ আছে। কাদংতো চলি থকা পুষুৰা ও বাণিজ্য মেলাতো একেই অৱস্থা পৰিলক্ষিত হৈছে। পুষুৰা উৎসৱৰ নামত নগ্ন নৃত্য আৰু ব্যাপক হাৰত জুৱা চলি আছে যদিও আৰক্ষী আৰু বৰপেটা জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা প্ৰলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত উৎসৱৰ নামত যৌনতাপূৰ্ণ উদ্দাম নৃত্য আৰু জুৱাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজ।