গুৱাহাটী, সংবাদ ৩৬৫, ১৬ জানুৱাৰীঃ  আহমাদিয়া মুছলিম জামাতৰ সেৱা শাখা হিউমেনেটি ফৰ অল নাৰেংগীস্থিত বিজুলীনগৰ উন্নয়ন সমিতিৰ কাৰ্যালয়ত মঙ্গলবাৰে এক বিনামূলীয়া হোমিওপ্যাথি চিকিৎসা শিবিৰৰ আয়োজন কৰে। বিনামূলীয়া চিকিৎসা শিবিৰ উদ্বোধন কৰে বিজুলীনগৰ উন্নয়ন সমিতিৰ সভাপতি আজাদ আলিয়ে। উদ্বোধনীসভাত উপস্থিত থাকে অঞ্চলটোৰ বহু কেইজন বিশিষ্ট ব্যক্তিৰ লগতে আহমাদিয়া মুছলিম জামাতৰ গুৱাহাটী শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া জাহাৰুল হক। চিকিৎসা শিবিৰত অঞ্চলটোৰ বৃহৎ সংখ্যাক ৰাইজ উপস্থিত হৈ বিনামূলীয়া চিকিৎসা গ্ৰহণ কৰে। চিকিৎসা শিবিৰখনত হৃদয়ৰোগ, গেষ্ট্ৰিকৰ লগতে মহিলাসকলৰ বিভিন্ন ৰোগৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়। উক্ত চিকিৎসা শিবিৰখনত পাঞ্জাৱৰ পৰা অহা চিকিৎসক ডঃ চৈয়দ চয়িদ আহমেদে চিকিৎসা প্ৰদান কৰে। শিবিৰত আহমাদিয়া মুছলিম জামাতৰ গুৱাহাটী শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া জাহাৰুল হকে নিজৰ ভাষণত কয় যে আহমাদিয়া মুছলিম জামাত বিশ্বব্যাপি দুখীয়া আৰু অসহায় মানুহৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত চিকিৎসা সেৱা আগবঢ়াই অহাৰ লগতে দুখীয়া লোকসকলৰ বাবে বিশ্বৰ বিভিন্ন দেশত চিকিৎসালয় স্থাপন কৰিছে।