কোকৰাঝাৰ, সংবাদ ৩৬৫, ১১ আগষ্ট: শনিবাৰে নিশাৰ আলহি হৈ কটাব কোকৰাঝাৰ জিলা মূখ্য কাৰ্যবাহী বিষয়া প্ৰকল্প সঞ্চালক হাতীধূৰা,কচুগাঁৱ খণ্ড উন্নয়ণ বিষয়াৰ লগতে বিভাগীয় আন আন বিষয়া কৰ্মচাৰীসকলে। সমগ্ৰ অসমত শনিবাৰে আজি ঘৰে ঘৰে জৰিপৰ অংশ হিচাপে প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীন)ৰ হিতাধিকাৰীৰ ঘৰত নিশা কটাই মত-বিনিময় কৰিব বিষয়া-কৰ্মচাৰী সকলে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ অধীনত কাম সম্পূৰ্ণ হোৱা হিতাধিকাৰীসকলৰ লগত মত বিনিময় কৰি হিতাধিকাৰীসকলে সন্মূখীন হোৱা বিভিন্ন সমস্যাৰ বুজ লব অভিযানকাৰী দলটোৱে। কোকৰাঝাৰ জিলাৰ হাতীধূৰা উন্নয়ণ খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তত হিতাধিকাৰীজনৰ ঘৰত মূখ্য কাৰ্যবাহী বিষয়া প্ৰকল্প সঞ্চালকে নিশা পাৰ কৰিব ও একেখন পঞ্চায়ততে জিলাখনৰ অন্য ৭ জনৰো অধিক খণ্ড উন্নয়ণ বিষয়াই বিভিন্ন হিতাধিকাৰীৰ ঘৰত নিশা পাৰ কৰি তেওঁলোকৰ লগত মত বিনিময় কৰিব। উল্লেখ্য অধিকাংশ হিতাধিকাৰীয়ে চৰকাৰে আৱন্টন দিয়া এক লাখ ত্ৰিছ হাজাৰ টকাত চৰকাৰী নিয়ম মতে ঘৰ সম্পূৰ্ণ কৰাত বাধাৰ সন্মূখীন হোৱা বুলি অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈ আছে। এই ক্ষেত্ৰত বিভাগীয়ভাবে পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰা হয় সেয়াহে লক্ষণীয় হ’ব |