বৰপেটা, সংবাদ ৩৬৫, ১০ ছেপ্টেম্বৰ: বাল্য বিবাহ এক সামাজিক ব্যাধি হোৱা স্বত্তেও ৰাজ্যত আজিও অব্যাহত আছে এই বাল্য বিবাহ৷ চৰকাৰে বাল্য বিবাহ ৰোধ কৰিবৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সময়তে সোমবাৰে বঙাইগাঁও জিলাৰ শিমলাবাৰী ২য় খণ্ডৰ পৰা এগৰাকী ১৬ বছৰীয়া কিশোৰীক বৰপেটা চাইল্ড লাইন আৰু আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যোৱা ২৬ আগষ্টত বৰপেটা জিলাৰ লাংলাৰ আলহাজ নাছিৰ উদ্দীনৰ আয়শা ছিদ্দিকা নামৰ ১৬ বছৰীয়া কন্যাক বঙাইগাঁও জিলাৰ শিমলাবাৰী ২য় খণ্ডৰ আব্দুল বাতেনৰ পুত্ৰ শ্বাহীন ৰানাৰ লগত বিয়া দিয়ে। সোমবাৰে বৰপেটা চাইল্ড লাইন, কলগাছিয়া আৰু মেৰেৰচৰ আৰক্ষী শ্বাহীন ৰানাৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে শ্বাহীন ৰানা আৰু কিশোৰী গৰাকী ঘৰৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও পিছত শ্বাহীনক গ্ৰেপ্তাৰ কৰাৰ লগতে কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চাইল্ড লাইনে ইতিমধ্যে এই সম্পৰ্কে এক গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।