গুৱাহাটী, সংবাদ ৩৬৫, ১০ ছেপ্টেম্বৰ: মূল্যবৃদ্ধিক লৈ কংগ্ৰেছৰ ভাৰত বন্ধত ঠায়ে ঠায়ে সৰ্বাত্মক প্ৰভাৱ। ৰাজপথত পুৱাই পুৱাই টায়াৰ জ্বলাই কংগ্ৰেছীৰ প্ৰতিবাদ সাব্যস্ত কৰে। পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে ৰাজপথত নামি টায়াৰ জ্বলাবলৈ বাধ্য কৰালে কংগ্ৰেছীক। ২০১৪ চনতো কংগ্ৰেছ চৰকাৰ খনৰ নেতা কৰ্মীৰ কু কাণ্ড, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদিৰ লগতে পেট্ৰল, ডিজেল, নিত্যব্যৱহার্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰি অতিষ্ঠ কৰি তুলিছিল। যাৰ ফলস্বৰূপে ৰাইজে কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভিত হৈ বিৰোধী দল বিজেপিক নিৰ্বাচন কৰি বহু আশাৰে ভোট দি জয়যুক্ত কৰিছিল। কিন্তু পৰিবৰ্তনৰ কথা কৈ চৰকাৰ গঠন কৰা বিজেপি চৰকাৰখনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ প্ৰমাণ দেখুৱালে প্ৰতিদিনে বৃদ্ধি পোৱা পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ লগতে নিত্য ব্যৱহার্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি। ইয়াৰ প্ৰতিবাদত বিজেপি চৰকাৰৰ বিৰুদ্ধে সোমবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আহ্বান জনোৱা ভাৰত বন্ধৰ বিক্ষিপ্ত প্ৰভাৱ ৰাজ্যৰ প্রান্তে প্রান্তে দেখিবলৈ পোৱা যায়। পুৱাই পুৱাই ৰাজপথত টায়াৰ জ্বলাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে। পুৱাৰ ভাগৰে পৰা দোকান পোহাৰ বন্ধ থকাৰ লগতে যান বাহন চলাচলো পাতল পৰিমানে চলা পৰিলক্ষিত হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মী সকলে বন্ধৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মহানগৰী গুৱাহাটীৰ দিছপুৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক বিশাল প্ৰতিবাদী সমদল উলিয়াই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱতৰ নেতৃত্বত উলিওৱা এই প্ৰতিবাদী সমদল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মন্ত্ৰী অকণ বৰা, বিধায়ক ৰেকিবুদ্দিন আহমেদকৰে ধৰি শতাধিক কংগ্ৰেছ কৰ্মী আৰু বন্ধ সমৰ্থকে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা চৌহদৰ পৰা সমদল উলিয়াই অসম সচিবালায়ৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, মোদী চৰকাৰ মূর্দাবাদ, বিজেপি মূর্দাবাদ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পৰিস্থিতি অধিক উত্তপ্ত হোৱাত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰি লৈ যায়।