জনশিমলু, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ: অবৈধ বেদখলকাৰীৰ উচ্ছেদ অভিযানৰ ঘটনা সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা লাভ কৰা আজি প্ৰায় ১০ মাহ অতিক্ৰম হৈ গল। দিছপুৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজহ গাঁওত চাৰিটা দশক ধৰি বসবাস কৰি থকা সত্বেও খিলঞ্জীয়া লোকসকলক অবৈধ বেদখলকাৰী বুলি অভিযোগ আনি জনশিমলুত জিলা প্ৰশাসনে নিৰ্মম উচ্ছেদ অভিযান চলোৱাৰো আজি প্ৰায় ১০ মাহ সম্পূৰ্ণ হৈ গল। তাৰ পাছতো ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহল। দেওবাৰে এনেবোৰ দিশ পুনৰ চৰকাৰৰ দৃষ্টিগোচৰ কৰোৱাৰ উদ্দেশ্যে সমূহ জনশিমলুবাসীয়ে চৰকাৰৰ সুমতি বিচাৰি অদৃষ্টজনৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আয়োজন কৰে এক ধৰ্মসভা। তাৰ লগতে ততালিকে জনশিমলু ৰাজহ গাঁৱৰ স্থায়ী সীমা নিৰ্ধাৰণৰ দাবীৰে ৫০ টা শংখ একেলগে বজাই পৰৱৰ্তী পৰ্যায়ত তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰো সংকল্প গ্ৰহণ কৰে। দেওবাৰে জনশিমলু জনকল্যাণ সমিতি আৰু জনশিমলু মহিলা জনকল্যাণ সমিতিৰ নেতৃত্বত উপস্থিত প্ৰায় ৪ শতাধিক লোকে পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী এনেদৰে বহি নহয়, জংগী হ’ব বুলিও সংকল্প গ্ৰহণ কৰে।

এই সন্দৰ্ভত সমিতিৰ উপদেষ্টা তৰুণ চন্দ্ৰ ডেকাই কয়, “আমি শান্তিপ্ৰিয় মানুহ, আৰু সেয়ে যোৱা দহমাহে কাকুতি-মিনতি, ধৰ্মীয় সভাৰ জৰিয়তে প্ৰতিবাদ, আবেদন নিবেদন কৰিলো। আজি শংখনিনাদ অনুষ্ঠানৰ মাজেৰে আমি চৰকাৰক সকীয়াই দিছো যে জনশিমলু ৰাজহ গাওঁ হোৱা সত্ত্বেও যি বৰ্বৰ তথা অবৈধ উচ্ছেদ ইয়াত চলালে, তাৰ ক্ষতিপূৰণ তথা গাওঁৰ স্থায়ী সীমা নিৰ্ধাৰণৰ কাম শীঘ্ৰেই সম্পন্ন কৰক। অন্যথা আমি আৰু এনেদৰে নৰমপন্থাৰে প্ৰতিবাদ নকৰো।”
উল্লেখ্য যে দিছপুৰ ৰাজহ চক্ৰৰ মানচিত্ৰত স্পষ্টভাৱে উল্লেখ আছে জনশিমলু গাওঁৰ অৱস্থিতি। কেৱল ইমানেই নহয় বিগত ১৯ ফেব্ৰুৱাৰী ২০১৮ তাৰিখে অসম বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৰা এক প্ৰশ্নৰ উত্তৰত তদানীন্তন ৰাজহ মন্ত্ৰী পল্লৱ লোচন দাসে স্পষ্টভাৱে উল্লেখ কৰিছিল যে ৰাজহ বিভাগৰ তথ্য অনুসৰি জনশিমলু গাওঁখন হৈছে জৰীপ নোহোৱা ননকে গাওঁ। ইফালে জৰীপ বিভাগৰ যুটীয়া সঞ্চালকে প্ৰদান কৰা তথ্য অনুসৰি জনশিমলু গাওঁখনৰ পলিগণ প্ৰস্তুত কৰিবৰ বাবে ২০০৬-২০০৭ চনৰ পৰাই জৰীপ কৰা হৈছিল আৰু ২০১০ চনত পলিগণ প্ৰস্তুত কৰি উপায়ুক্তলৈ প্ৰেৰণ কৰাও হৈছিল। স্মৰ্তব্য যে জনশিমলুত উচ্ছেদিত লোকসকলৰ ক্ষতিপূৰণৰ বাবে চৰকাৰে তদানীন্তন বনমন্ত্ৰীৰ অধ্যক্ষতাত এখন সমিতিও গঠন কৰি দিছিল। প্ৰাপ্ত তথ্য অনুসৰি উক্ত সমিতিখনে প্ৰস্তুত কৰা প্ৰতিবেদনৰ ভিত্তিত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি ৰাজহ মন্ত্ৰীজনে জনোৱাৰ পিছতো আজিপৰ্যন্ত কোনো বিভাগীয় লোকে ঠাই পৰিদৰ্শন পৰ্যন্ত কৰিবলৈ নাহিল। আনকি খোদ স্থানীয় বিধায়কগৰাকীয়ে এইপৰ্যন্ত এবাৰো খবৰ নল’লে গাওঁবাসীৰ, ইয়াক লৈও ক্ষোভিত হৈ পৰিছে জনশিমলুবাসীৰ।
দহমাহ পূৰ্বেই সংঘটিত হোৱা হৃদয়বিদাৰক উচ্ছেদ অভিযান ভিত্তিহীন বুলি প্ৰমাণ হোৱা সত্ত্বেও এইপৰ্যন্ত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে। অথচ ৰাজধানী দিছপুৰৰ নাতিদূৰতেই অৱস্থিত এই জনশিমলু। আনকি ১৬ বছৰ পূৰ্বে চৰকাৰেই সংযোগ দিয়া বিজুলী বাতিৰ ব্যৱস্থাটো সমুলঞ্চে নষ্ট কৰি থৈ গৈছিল উ্চ্ছেদকাৰীসকলে, যাৰ ফলশ্ৰুতিত আজি দহমাহে অন্ধকাৰত দিন কটাবলগীয়া হৈছে সমগ্ৰ জনশিমলুবাসী। অৱশ্যে ইয়াৰ মাজতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে পৰিদৰ্শন কৰি শীঘ্ৰেই বিবদমান স্থিতি নিস্পত্তি কৰা হ’ব বুলি কয়। উল্লেখ্য যে ইতিমধ্যেই এই গাওঁত সম্পন্ন হৈ গৈছে ত্ৰিপাক্ষিক জৰীপ। তাৰ প্ৰতিবেদনো জমা দিয়া হৈছে পুনৰ সংস্থাপন ও সাহায্য তদাৰকী কমিটিৰ হাতত। তৎসত্ত্বেও এই পৰ্যন্ত স্থায়ী সীমা নিৰ্ধাৰণ নোহোৱাটো নিসন্দেহে ৰহস্যজনক।