মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ৩০ জানুৱাৰীঃ দক্ষিণ কামৰূপৰ কলহি নৈত মঙ্গলবাৰে অসমৰ ১২৬ গৰাকী বিধায়কৰ পু্ত্তলিকা দাহ কৰি উটুৱাই দিলে ৰাইজে। এখন দলং বিচাৰি কেইবাবাৰো ৰজাঘৰীয়াৰ ওচৰ চাপিও কোনো সুফল নাপাই ৰাইজে ১২৬ গৰাকী বিধায়কৰ পু্ত্তলিকা দাহ কৰি নৈত উটুৱাও দিয়ে। ৰাইজৰ অভিযোগ পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতা কেৱল নিৰ্বাচনৰন সময়ত ভোট বিচাৰি আহে আৰু নিৰ্বাচনত জয় হোৱাৰ পিছত প্ৰণৱ কলিতাই ৰাইজক পাহৰি যায়। বিধায়ক গৰাকীৰ ওচৰত এখন দলং বিচাৰি কেইবাবাৰো অনুৰোধ কৰাৰ পিছতো বিধায়ক গৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাত ৰাইজ ক্ষোভিত হৈ বিধায়ক গৰাকীৰ লগতে অসমৰ ১২৬ গৰাকী বিধায়কৰ পু্ত্তলিকা দাহ কৰি নৈত উটুৱাই বিৰোধ প্ৰদর্শন কৰে। প্ৰণৱ কলিতা মূর্দাবাদ, সৰ্বানন্দ সোনোৱাল মূর্দাবাদ, অসম চৰকাৰৰ কাম নাই প্ৰতিবাদী ধ্বনিৰে প্ৰতিবাদকাৰীয়ে নদীৰ ঘাট উত্তাল কৰি তোলে। পলাশবাৰী সমষ্টিৰ পাৰঘাটবাসী ৰাইজ কলহি নদীৰ ওপৰত পাৰঘাট আৰু পানীখাইতিৰ ওপৰত এক দলং বিচাৰি কেইবাবাৰো স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাই আহিছে যদিও বিধায়ক তথা বিভাগীয় কর্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত ৰাইজ ক্ষোভিত হৈ পৰে। নদীখনৰ ওপৰত সংযোগী দলং নথকাৰ বাবে অঞ্চলটোৰ প্ৰায় ১২ খনতকৈ অধিক গাঁৱৰ জনসাধাৰণে কেইবাবছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে। ১২খনকৈ গাঁৱৰ জনসাধাৰণে উপায়হীন হৈ মঙ্গলবাৰে ওলাই আহি প্ৰতিবাদৰ আশ্ৰয় লয়। প্ৰতিবাদকাৰী সকলে দাবী জনায় যে অতি শীঘ্ৰে কলহি নৈৰ ওপৰত পাৰঘাট আৰু পানীখাইতি সংযোগী দলং নিৰ্মান কৰিব লাগে। যদি অতি শীঘ্ৰে প্ৰতিবাদকাৰী সকলৰ দাবী মানি লোৱা নহয় তেন্তে ৰাইজ জোৰ সমদল উলিয়াই ৰাজধানী দিছপুৰত প্ৰতিবাদ কৰিব। উল্লেখ্য যে নদীখনৰ ওপৰত দলং নথকাৰ বাবে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজ অতি বিপদসংকুল ভাৱে নাৱেৰে যাত্ৰা কৰিব লগা হয়। ৰাইজৰ  প্ৰতি বৰ্তমান চৰকাৰখনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰে ৰাইজে।