কলাইগাঁও, সংবাদ ৩৬৫, ৪ জুলাইঃ ওদালগুৰি জিলাৰ কলাইগাঁৱত পশুধনক নৃশংসভাৱে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। ঘটনাৰ বিৱৰণী মতে কলাইগাঁও থানাৰ অন্তৰ্গত ২নং কলাইগাঁও গাঁৱৰ জুবেদা খাতুন নামৰ এগৰাকী যুৱতীৰ এজনী গায় গৰুক একে গাঁৱৰে পানীৰাম দাসৰ পুত্ৰ বিকাশ দাসে নিৰ্মমভাৱে চোকা অস্ত্ৰৰে ঘপিয়াই আহত কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে, মঙলবাৰে দুপৰীয়া ১২ মান বজাত জুবেদা খাতুনে গৰুজনীক গাখীৰ খিৰাই ঘৰতে বান্ধি ৰাখিছিল যদিও কিছু সময় পিছতে গৰুজনীয়ে ৰচি চিঙি অভিযুক্ত বিকাশ দাসৰ খেতি পথাৰত ঘাঁহ খাই থকা অৱস্থাত বিকাশ দাসে ডেগাৰেৰে অতি নৃশংস ভাৱে ঘপিয়াই গৰুজনীৰ সন্মুখৰ এখন ভৰি কাটি আহত কৰাৰ কথা পোহৰলৈ আহিছে। ডেগাৰেৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা গৰুজনী এতিয়া খোজকাঢ়িব নোৱাৰা অৱস্থা হৈছে। পশুধনৰ ওপৰত এনে নিৰ্দয় ভাৱে আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান উক্ত গাঁৱত চেপা উত্তেজনাৰ সৃষ্টি হৈছে। জানিব পৰা মতে, আক্ৰমণ কৰা অভিযুক্ত বিকাশ দাস ভাৰতীয় বায়ু সেনাৰ প্ৰাক্তন জোৱান। প্ৰাক্তন জোৱান এজনৰ দ্বাৰা এনে অমানৱীয় আক্ৰমণৰ ঘটনাক সকলোৱে একে মুখে ধিক্কাৰ দিয়াৰ লগতে ঘটনাটো উচিত তদন্ত কৰি দোষী ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ অঞ্চলবাসীয়ে দাবী জনাইছে। ঘটনা সন্দৰ্ভত গৰুজনীৰ গৰাকী জুবেদা খাতুনে বিকাশ দাসৰ বিৰুদ্ধে কলাইগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।