চিৰাং, সংবাদ ৩৬৫, ৪ জুলাইঃ প্ৰধান মন্ত্ৰীৰ সকলো ব্যৱস্থা এতিয়া ফুটুকাৰ ফেন। নিৰ্বাচনৰ পূৰ্বে টেটুফালি চিঞৰা সকলো প্ৰতিশ্ৰুতি এতিয়া ধোঁৱাচাঙত। তাৰেই নমুনা চিৰাঙৰ পৰিবহন বিষয়াৰ কাৰ্য্যালয়ত । যোৱা ২০ জুন তাৰিখৰ পৰা ১৫ দিন ধৰি চিৰাং জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ত লিংক নথকাৰ বাবে কোনো ধৰনৰ কাম-কাজ কৰিব পৰা নাই কাৰ্য্যালয়টোত । যাৰ ফলত সাধাৰণ জনতাই ভুগিব লগীয়া হৈছে হাৰাশাস্তি। নিতৌ শ শ লোকৰ সমাগম পৰিলক্ষিত হৈছে। বহুতৰে ড্ৰাইভিং লাইচেন্সৰ সময়সীমা ওকলি গৈছে,গাড়ীৰ পাৰ্মিটৰ সময় তথা অন্যান্য বহু গুৰুত্বপুৰ্ণ কাম কৰিব পৰা নাই মাথো লিংক নথকাৰ বাবে । জানিব পৰা মতে জিলা পৰিবহন বিষয়া ধ্বজেন বসুমতাৰীৰ ভাস্যমতে বিভাগীয় সকলো ধৰণৰ ব্যৱস্থা কৰিও সুফল পোৱা নাই। হয়তো এই সপ্তাহত ঠিক নহব লিংক। চিৰাং জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ে চলিত বৰ্ষৰ কৰ সংগ্ৰহ নিৰ্ধাৰিত সময়ৰ পুৰ্বেই সম্পুৰ্ণ কৰাৰ পিচতো ৰাজ্য চৰকাৰৰ হেমাহিৰ বাবে কাৰ্য্যালয়টোৰ লিংক ঠিক হোৱাত ১৫ দিন ওকলিল আৰু কেইদিন যাব তাৰো কোনো নিশ্চয়তা নাই । গাড়ী চলোৱাৰ চাকৰী কৰা বহুলোকে ড্ৰাইভিং লাইচেঞ্চৰ ভেলিডিটি নথকা বাবে চাকৰিত জইন কৰিব পৰা নাই আৰু জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়েও কোনো ব্যৱস্থা গ্ৰহন কৰিব পৰানাই লিংক নথকাৰ বাবে । সেয়ে বহুলোকৰ ভৱিষ্যত অন্ধকাৰৰ পিনে গতি কৰিছে ।