চিৰাং, সংবাদ ৩৬৫, ৪ জুলাইঃ কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুনৰ ফলত ফেনে-ফুটুকাৰে বাঢ়িছে চিৰাং জিলাৰ কেবাখনো নৈ-উপনৈৰ পানী। মঙলবাৰে বিয়লি ভাগৰ পৰা জিলাখনৰ আই, চম্পা, নাঙলভাঙা, হুটহুটি, কানামাক্ৰা নদীকে আদিকৰি কেইবাখনো উপনৈৰ পানী বৃদ্ধি পাইছে। জিলাখনৰ অন্তৰ্গত আমগুৰি আৰক্ষী থানাৰ এলেকাৰ নাঙলভাঙা নদীয়ে পশ্চিম জয়পুৰ আৰু হুটহুটীগাঁও দুখনৰ ৰক্ষাৰ বাবে নিৰ্মান কৰা মাথাউৰি বাঢ়নি পানীয়ে খহাই নিয়াত কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে। ইতিমধ্যে জিলাখন ছোৰাবাৰী, ছোটো আমগুৰি, মানিকপুৰ, ডেবৰবিলকে ধৰি কেবাখনো গাঁও নৈৰ বাঢ়নি পানীত প্লাবিত হৈ পৰাৰ লগতে বহু অঞ্চললৈ ভাৱুকি কঢ়িয়াই আনিছে। এফালে জিলাখনৰ নৈ সমূহৰ পানী ফেন ফুটুকাৰে বৃদ্ধি পাবলৈ ধৰিছে আৰু আনফালে ধাৰাষাৰ বৰষুন অব্যাহত থকাত ৰাইজ আতংকিত হৈ পৰিছে।