পাঠশালা, সংবাদ ৩৬৫, ১৬ আগষ্ট: বৃহস্পতিবাৰে পাঠশালাত অসমৰ অন্যতম জনপ্ৰিয় ভ্ৰাম্যমাণ নাট্যদল আবাহন থিয়েটাৰ(২০১৮-১৯) নাট্য বৰ্ষৰ শুভ আৰম্ভণি কৰে। উদ্বোধনী অনুষ্ঠানতেই মঞ্চত প্ৰথমে আবাহন থিয়েটাৰ তৰফৰ পৰা বিশিষ্ট কণ্ঠ শিল্পী দশৰথ দাসক ডঃ ভৱেন্দ্ৰনাথ শইকীয়া স্মাৰক বটাঁৰ লগতে নগদ ধন ,মানপত্ৰ আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। মঞ্চতেই আবাহন থিয়েটাৰৰ মুখপত্ৰ ৰংগবেদিকা খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে । ইয়াৰ পিছতেই নাট্য বৰ্ষৰ শুভ উদ্বোধন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সনোৱালৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে। উদ্বোধনী ভাষণত হৃষিকেশ গোস্বামীয়ে গীত গাই শুনাই আপ্লুত কৰে পাঠশালাবাসীক। ইয়াৰ পিছতেই বৃহস্পতিবাৰে আবাহন থিয়েটাৰ নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য্যৰ সৈন্যাসীনী নাট খনৰ জৰিয়তে নাট্য বৰ্ষৰ পাতনি মেলে। ডঃ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা লাভ কৰি দশৰথ দাসে সন্তুষ্টি ব্যক্ত কৰাৰ লগতে নাট্যদলৰ প্ৰযোজক কৃষ্ণ ৰয় , অভিনেত্ৰী প্ৰস্ততি পৰাশৰে ৰাইজৰ আশীৰ্বাদ বিছাৰিছে ।