কাজিৰঙা, সংবাদ ৩৬৫, ৫  জুলাইঃ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কঁহৰাত বৃহস্পতিবাৰে পুৱতি নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিকাণ্ডৰ ফলত এখন মিঠাই দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে মিঠাইৰ দোকানখনৰ কাষতে লাগি থকা আন দুখন দোকানও জুইত জাহ যায়৷ অগ্নিকাণ্ডৰ খৱৰ পাই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও বিগত কেইবাদিন ধৰি বন্ধ হৈ থকা মিঠাইৰ দোকান খনত স্বৰ্ট স্বাৰ্কিট হোৱাৰ ফলতে অগ্নিৰ সুত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।