বৰহাটৰপৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ১৫ জানুৱাৰীঃ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত কুকুৰা যুঁ‌জস্থলীত মিন্তু দ্বীপ নামৰ এজন ব্যক্তিয়ে সন্তোষ সোনা নামৰ এজন যুৱকক কুকুৰা যুঁ‌জত জয়ী পৰাজয়ী হোৱাক লৈ ব্যক্তিগত মতানক্যৰ বাবে সোমবাৰে দিনৰ প্ৰায় ১১ বজাত কুকুৰা যুঁজত ব্যৱহাৰ হোৱা ছুৰীৰে বুকুত হানি হত্যা কৰে। স্থানীয় ৰাইজ তথা প্ৰতক্ষ্যদৰ্শীয়ে অভিযোগ কৰা মতে স্থানীয় আৰক্ষী প্ৰশাসন আৰু বৰহাট বাগিচা গাঁওৰক্ষী বাহিনীৰ সহযোগত চলা কুকুৰা যুঁ‌জখন বন্ধ কৰাৰ বাবে জিলা প্ৰশাসনক অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বৰহাট শাখাই বহুবাৰ স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতো জিলা প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ বাবে সোমবাৰে এনে অঘটন হবলৈ পালে বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে। ঘটনাস্থলীত বৰহাট আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ হত্যাকাৰী মিন্তু দ্বীপক গ্ৰেপ্তাৰ কৰে আৰু নিহত সন্তোষ সোনাৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।