কাহিলিপাৰা, সংবাদ ৩৬৫, ১০ নৱেম্বৰ: ৰাজ্যত যেন সুৰক্ষা নোহোৱা হৈছে মহিলাৰ। প্ৰতিদিনে ৰাজ্যত সংঘটিত হৈ আছে নাৰীৰ ওপৰত নিৰ্যাতন। কেতিয়াবা নাৰী যৌতুকৰ বলি হৈছে, কেতিয়াবা হৈছে ধৰ্ষণৰ। কেতিয়াবা যদি ধৰ্ষণৰ বলি হৈছে যুৱতী-মহিলা কেতিয়াবা আকৌ পুৰুষৰ কামনাৰ বলি হৈছে শিশু কন্যা। মুঠতে ৰাজ্যত নাৰী মুঠেও সুৰক্ষিত নহয়। চৰকাৰে ৰাজ্যত নাৰীক সুৰক্ষা প্ৰদানত যে ব্যৰ্থ হৈছে ইয়াৰ প্ৰমাণ পুনৰ দেখিবলৈ পোৱা গ’ল মহানগৰী গুৱাহাটীত। ৰাজধানী দিছপুৰৰ কিছু দূৰত্বত অৱস্থিত কাহিলিপাৰাৰ দক্ষিণগাঁৱৰ গিৰি নগৰত এগৰাকী ৩ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰিলে নিজৰ খুড়াকে। শুক্ৰবাৰে পুৱাৰ ভাগত শিশুটিৰ ১৫ বছৰীয়া নাবালক খুড়াকে চকলেট দিম বুলি কৈ নিজৰ ঘৰৰ ভিতৰলৈ নি ধৰ্ষণ কৰে। শিশুটিৰ কান্দোনৰ মাত শুনি ওচৰ চুবুৰীয়াই ধৰ্ষণকাৰী খুড়াকৰ কবলৰ পৰা শিশুটিক উদ্ধাৰ কৰে যদিও ধৰ্ষণকাৰীজন পলাই যাবলৈ সক্ষম হয়। পিছত স্থানীয় ৰাইজে ভগদত্তপুৰ আৰক্ষী চকীত ধৰ্ষণকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে শিশুটিক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে যদিও ধৰ্ষণকাৰীক আটক কৰাৰ কোনো চেষ্টা নকৰে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। শুক্ৰবাৰে সংঘটিত হোৱা এই ধৰ্ষণকাণ্ড সংঘটিত কৰা ১৫ বছৰীয়া কিশোৰ জনক আজিও আৰক্ষীয়ে আটক কৰাৰ কোনো চেষ্টা নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে আৰু ধৰ্ষণকাৰী কিশোৰ জনৰ বাসগৃহত উপস্থিত হৈ ধৰ্ষণকাৰীৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। উত্তেজিত ৰাইজ ধৰ্ষণকাৰীক শীঘ্ৰে আটক কৰাৰ দাবী জনাই শনিবাৰে পুনৰ ভগদত্তপুৰ আৰক্ষী চকীত উপস্থিত হোৱাত আৰক্ষীয়ে অতি শীঘ্ৰে ধৰ্ষণকাৰীক আটক কৰাৰ আশ্বাস প্ৰদান কৰে।