ৰাণী, সংবাদ ৩৬৫, ১১ নৱেম্বৰ: মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত দেওবাৰে দক্ষিণ কামৰূপৰ অন্যতম অগ্ৰনি ক্ৰীড়া সন্থা ‘দক্ষিণ কামৰূপ মাষ্টাৰ্চ এথ্লেটিক সন্থা’ ৰ ৩য় বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগীতা খনি এদিনীয়া কাৰ্যসুচীৰে ঐতিহাসিক ৰাণী হাই স্কুল খেলপথাৰত অনুষ্ঠিত হয় । ৰাণী ৰূপকোৱৰ কলা পৰিষদৰ সহযোগত অনুষ্ঠিত হোৱা এই ক্ৰীড়া প্ৰতিযোগীতাখনিৰ ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে হৰেন্দ্ৰ কুমাৰ পাঠকে আৰু বন্তিৰাম তালুকদাৰে ৰূপকোৱৰ কলা পৰিষদৰ পতাকা উত্তোলন কৰি লগতে ১৭৫ চি আৰ পি এফ বেটেলিয়নৰ সন্তোষ কুমাৰ উপাধ্যায়ে খেল উদ্বোধন কৰি কাৰ্যসুচীৰ শুভাৰম্ভনি কৰা বিভিন্ন শিতানৰ প্ৰতিযোগীতাত দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰায় শতাধিক পুৰুষ-মহিলাই অংশ গ্ৰহন কৰে। উল্লেখ্য যে ৩৫ বছৰ উৰ্ধৰ ৰ পৰা ৮৫ বছৰ লৈ পুৰুষ-মহিলাই বিভিন্ন গ্ৰুপত খেল সমুহত অংশ গ্ৰহন কৰা এই প্ৰতিযোগীতাৰ পৰাই অহা ডিচেম্বৰ মাহৰ ২৭ তাৰিখৰ পৰা ৩০ তাৰিখলৈ শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া ২৭ তম্ ৰাজ্যিক প্ৰতিযোগীতাত অংশ গ্ৰহনৰ বাবে খেলুৱৈ বাচনি কৰি প্ৰতিযোগীতাত স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক বঁ‌টা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে ।