তামুলপুৰ, সংবাদ ৩৬৫, ১৭ নৱেম্বৰ: তামুলপুৰত অহৰ্নিশে বনৰীয়া হাতীৰ উপদ্ৰৱত নিদ্ৰাহৰণ কৰিছে তামুলপুৰবাসীৰ। অকল উপদ্ৰৱ কৰাই নহয়, যোৱা ১৫ নবেম্বৰৰ নিশা নাগ্ৰীজুলিত এজন লোক বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছিল। সম্প্ৰতি তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। শুকুৰবাৰে নিশা কুমাৰীকাটা ৰেঞ্জৰ আঙাৰকাটাত বনৰীয়া হাতীয়ে পাচঁটা পৰিয়ালৰ ঘৰ – দুৱাৰ ভাঙি তাণ্ডৱ চলোৱাৰ লগতে ঘৰৰ ভিতৰত থকা পৰিয়াল কেইটাৰ নথি পত্ৰও অনিষ্ট সাধন কৰে৷ ইপিনে গাঁওখনৰ কেবাগৰাকী কৃষকৰ কেবাবিঘা পথাৰৰ পকা ধান খাই গচকি তহিলং কৰে ৷ জানিব পৰা মতে ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকে ক্ৰমে নগেন দাস হৰিপদ দাস, বিনন্দ আৰ্য,সুভাষ আৰ্য, মানিক আৰ্যৰ ঘৰ দুৱাৰ ভাঙি নিঠৰুৱা কৰে ৷ আনহাতে জয়চৰন দাস গৌৰাং দাস, দ্বিজেন চৰকাৰ, শ্যামচৰন মণ্ডলৰ পথাৰৰ পকাধান খাই তহিলং কৰে। এই সন্দৰ্ভত বন বিভাগৰ লোকে খবৰ কৰে যদিও হাতীৰ তাণ্ডৱ ৰোধ কৰিব পৰা নাই ৷ ৰাইজে বনবিভাগক হাতীৰ উপদ্ৰৱ নিৰাময় কৰাৰ বাবে দাবী জনাইছে ৷