বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২০ডিচেম্বৰ: উন্নয়নৰ নামত পৰিৱৰ্তনৰ শ্লোগান গোৱা চৰকাৰখনৰ ৰাজ্যৰ ৰাস্তা-ঘাটৰ বিধ্বস্ত ৰূপৰ লগতে হাজাৰটা সমস্যাই গৰকা ৰাজ্যখনৰ ন ন অভিলাষী আচনীয়ে বৰ্তমানেও ঢুকি পোৱা নাই। ভালুকৰ খাঙীত পৰিণত কৌটি টকীয়া গড়কা জলসিঞ্চন প্ৰকল্প। ৰাজ্যৰ জলসিঞ্চন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবে দীৰ্ঘদিন ধৰি প্ৰহসনত পৰিণত হৈছে গড়কা জলসিঞ্চন প্ৰকল্পটো । কোটি টকা ব্যায় সাপেক্ষে প্ৰকল্পটো নিৰ্মাণ কৰিছিল যদিও প্ৰয়োজনত কৃষকক যোগান ধৰিব পৰা নাই পানী । উল্লেখ্য যে মুক্তাপুৰৰ নিকটৱৰ্তী তথা গড়কাত দহ বছৰ পূৰ্বে নিৰ্মাণ কৰা গড়কা জলসিঞ্চন প্ৰকল্পটোৱে বিগত দহ বছৰ ধৰি অঞ্চলটোৰ কৃষক ৰাইজক পানী যোগান ধৰাৰ বিপৰীতে প্ৰকল্পটো বিকল হৈ থকা পৰিলক্ষিত হৈছে । সেয়েহে উক্ত অাঁচনি খন ভালুকৰ খাঙীত পৰিণত হোৱাৰ গুৰুতৰ অভিযোগ আনিছে অঞ্চলটোৰ কৃষক ৰাইজে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি প্ৰকল্পটোৰ কেনেল সমূহ নিৰ্মাণত বিসঙ্গতি হোৱাৰ বাবে আঁচনিখনৰ পৰা খেতি পথাৰলৈ পানী যোৱাৰ বিপৰীতে খেতি পথাৰৰ পানীহে ওলোটাই কেনেল সমূহৰে নদীলৈ অহাৰ ফলত প্ৰতি বছৰে খেতি পথাৰ শুকাই যোৱাৰ কথা উল্লেখ কৰে ভূক্তভোগী কৃষক সকলে। উল্লেখ্য যে বিগত ২০ বছৰ পূৰ্বে অঞ্চলটোৰ ৰাইজে এটি কেচা বান্ধ নিৰ্মাণ কৰি উলিয়াইছিল আৰু উক্ত কেচা বান্ধটোৰ পৰা অঞ্চলবাসী ৰাইজে উপকৃত হৈছিল । কিন্তু চৰকাৰী ভাৱে নিৰ্মাণ কৰা আঁচনি খনৰ পৰা কৃষক ৰাইজৰ কোনো ধৰণৰ উপকাৰ হোৱা দেখা নগল । সেয়েহে উক্ত বান্ধটো পুনৰ নিৰ্মাণৰ বাবে গড়কা অঞ্চলৰ ৰাইজে জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাক কাতৰ অনুৰোধ জনাইছে । উক্ত বিষয় সন্দৰ্ভত বিভাগীয় মন্ত্ৰী গৰাকীয়ে কি ভূমিকা গ্ৰহণ কৰিব সেয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে ।