বৰপেটা, সংবাদ ৩৬৫, ২০ ডিচেম্বৰ: ৰাজ্যৰ শিক্ষা বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত জীৱনক লৈ হেতালি চলায় দায়িত্বজ্ঞানহীনতাৰ কৰ্ম কৰে বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ। বৃহস্পতিবাৰে বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা দুটা গুৰুত্বপূৰ্ণ নথিৰ পেকেট গুৱাহাটীৰ ছেবাৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ হাতত। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বুদ্ধধৰ দাসে অত্যাধিক মদ্যপান কৰি এখন যাত্ৰীবাহী বাছত বৰপেটাৰ পৰা গুৱাহাটী গৈ থকা অৱস্থাত সুৰাসক্ত বুদ্ধধৰ দাসক গাড়ীৰ পৰা নমাই দিয়ে আদবাটতে। পিছত গুৰুত্বপূৰ্ণ নথি সহকাৰে বুদ্ধধৰ দাসক মাজদিয়া আৰক্ষী চকীত ৰখা হয়। ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ গুৰুত্বপূৰ্ণ নথিবোৰ এনেদৰে এগৰাকী সুৰাসক্ত ব্যক্তিৰ হাতত বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰাটো বিভাগটোৰ দায়িত্বহীনতাকেই প্ৰতিপন্ন কৰিছে। পিছত আই এচ অফিচৰ দুগৰাকী কৰ্মচাৰী মাজদিয়া আৰক্ষী চকীত উপস্থিত হৈ নথিৰ পেকেটবোৰ চমজি লয় । কেতিয়া শিক্ষা ল’ব শিক্ষা বিভাগে। বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জ্যোস্নাৰাণী বৰ্মনৰ এনে দায়িত্বহীনতাত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ দৃষ্টিগোচৰ হ’বনে এনেবোৰ কাণ্ড?