বাক্সা, সংবাদ ৩৬৫, ৮ আগষ্ট: এগৰাকী শিক্ষকক বদলিকৰণ কৰাৰ বাবে বিদ্যালয়ত তলা ওলমালে স্থানীয় ৰাইজ। বাক্সা জিলাৰ গোৱৰ্দ্ধনা খণ্ডৰ অন্তৰ্গত ৪০৮ নম্বৰ মৈৰাঝাৰ পাথাৰ প্ৰাথমিক বিদ্যালয়ৰ আনন্দ দাস নামৰ এজন শিক্ষকক বদলিকৰণ কৰাত ক্ষোভিত হৈ বিদ্যালয় খনত অনিৰ্দিষ্টকালৰ বাবে তলা ওলমাই অভিভাৱক তথা স্থানীয় ৰাইজে। আনন্দ দাস নামৰ শিক্ষক গৰাকীক বিভাগীয় কতৃপক্ষই অইন বিদ্যালয়লৈ বদলিকৰণ কৰাত স্থানীয় ৰাইজে গোৱৰ্দ্ধনা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া পৱিত্ৰ হাজোৱাৰীকে ধৰি বিভাগীয় কতৃপক্ষক অনুৰোধ জনাই আহিছিল যদিও শিক্ষা বিষয়া গৰাকীয়ে বিগত তিনি পূৰ্বে বিদ্যালয় খনত উপস্থিত হৈ শিক্ষক গৰাকীৰ বদলিকৰণ স্থগিত ৰখাৰ নিৰ্দেশনা দিব বুলি স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানলৈকে শিক্ষক জনৰ বদলিকৰণ স্থগিত নকৰাত স্হানীয় ৰাইজে বুধবাৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে বিদ্যালয়ত তলা ওলমাই দিয়ে। যেতিয়ালৈকে শিক্ষক আনন্দ দাসৰ বদলিকৰণ স্থগিত নকৰে তেতিয়ালৈকে বিদ্যালয়ৰ তলা বন্ধ থাকিব বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।